NORTHEAST NOW (Assamese)
অসম

দেশৰ ৯ টা বেংকক জৰিমনা বিহি সকিয়াই দিলে ৰিজাৰ্ভ বেংকে, কি কি বেংক?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 19, 2022 3:55 pm
aa rbi

বিত্তীয় খেলিমেলি ঘটোৱা বেংকৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে ৰিজাৰ্ভ বেংক। সেইমৰ্মে ৰিজাৰ্ভ বেংকৰ নিয়ম নমনাৰ বাবে দেশৰ নটাকৈ বেংকক বিহা হৈছে জৰিমনা। জৰিমনা বিহি ৰিজাৰ্ভ বেংকে উক্ত বেংক কেইটাক ভৱিষ্যতে সাৱধান হ’বলৈ সকিয়াই দিছে। অন্যথা বাতিল হ’ব বেংক কেইটাৰ অনুজ্ঞাপত্ৰ।

নটা বেংকক জৰিমনা বিহা হৈছে। এই বেংক কেইটাক ভাৰতীয় ৰিজাৰ্ভ বেংকে মুঠ ১২ লাখ টকাৰ জৰিমনা বিহিছে। জৰিমনাৰ সন্মুখীন হোৱা বেংক কেইটা হৈছে ওৰিষ্যাৰ বঢ়মপুৰ সহকাৰী নগৰ বেংকৰ বিৰুদ্ধে ৩.১০ লাখ টকা, মহাৰাষ্ট্ৰৰ ওচমানাবাদ জনতা সহকাৰী বেংকক ২.৫ লাখ টকা আৰু ছান্টাৰামপুৰ নগৰ সমবায় বেংক লিমিটেডক ২ লাখ টকা জৰিমনা বিহা হৈছিল।

পশ্চিম বংগৰ সমবায় বেংক, পশ্চিম বংগৰ অ’ স্মল ফাইনেন্স বেংক লিমিটেড, গুজৰাটৰ নৱনগৰ কো-অপাৰেটিভ বেংক লিমিটেড, মধ্য প্ৰদেশৰ চেণ্ট্ৰেল বেংক লিমিটেড, ছত্তীশগড়ৰ ৰেণুকা নাগৰীক সহায়ক বেংক লিমিটেড আৰু ঝাৰখণ্ডৰ জামছেদপুৰ নগৰ সমবায় বেংক লিমিটেডক ১ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ওৰিষ্যা আৰু মধ্য প্ৰদেশৰ কেন্দ্ৰপাৰা নগৰ সমবায় বেঙ্ক লিমিটেড কৃষ্ণা মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডকো ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে।