NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনক এৰি দিয়া নাই পুটিনে! বাখমুটৰ গুৰুত্বপূৰ্ণ দলং উৰুৱাই দিলে ৰাছিয়াৰ সেনাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2023 5:49 pm

বৃহস্পতিবাৰে নিশা ৰাছিয়াৰ সামৰিক বাহিনীয়ে নিজৰ নিয়ন্ত্ৰণ ল’বলৈ ইউক্ৰেইনৰ বাখমুট চহৰৰ খ্ৰোমভ গাঁৱত এখন সংযোগী দলং বিস্ফোৰণেৰে উৰুৱাই দিয়ে।

শুকুৰবাৰে ডনেটস্ক অঞ্চলৰ আৰক্ষীৰ উদ্ধৃতি দি আন্তৰ্জাতিক সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰিছে।

কনষ্টাণ্টিনিভাকা চহৰৰ আৰক্ষীয়ে কৈছে যে দলংখন যোগাযোগ ব্যৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। আশা কৰা হৈছে যে এইখন সোনকালেই মেৰামতি কৰা হ’ব। তেওঁলোকে জনায় যে এইখন বাখমুট চহৰ আৰু খ্ৰোমভ গাঁৱৰ মাজত একমাত্ৰ সংযোগী দলং। এই দলংখন ৰাজহুৱা চলাচল আৰু যুদ্ধৰ গোলাবাৰুদ যোগানৰ বাবে ব্যৱহাৰ কৰা হয়।

দলংখন বাখমুটৰ পৰা চাচিভ ইয়াৰ চহৰলৈ যোৱাৰ অন্তিম মুখ্য সৰবৰাহৰ পথ। আৰক্ষীয়ে কয় যে সেনা বাহিনী এতিয়াও লেতেৰা ৰাস্তা আৰু পথাৰৰ মাজেৰে চহৰখনত প্ৰৱেশ কৰিব পাৰে।

ৰাছিয়াৰ বাহিনী বাখমুটৰ ফালে আগবাঢ়িছে। কিন্তু ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে কৈছে যে ই এতিয়াও চহৰখন ধৰি ৰাখিছে। তেওঁলোকে তাৰ পৰা পশ্চাদপসৰণ কৰাৰ পৰিকল্পনা কৰা নাই।