NORTHEAST NOW (Assamese)
অসম

পৰিৱৰ্তন! : গৰ্ভৱতী মহিলাক ঠেলা, নাৱেৰে নিব লগা হৈছে হাস্পাতললৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2019 7:44 am
3-24-1140x570

চৰকাৰে ৰাজ্যখনত স্বাস্থ্যসেৱাৰ ব্যাপক উন্নতি হোৱাৰ দাবী কৰি অহাৰ সময়তে বৰপেটাত এগৰাকী গৰ্ভৱতী মহিলাক ঠেলা, নাৱেৰে ওচৰৰ হাস্পাতললৈ নিবলগীয়া হৈছে।

সকলোৰে দৃষ্টি কঢ়া এই দৃশ্যই স্বাভাৱিকতে অসমৰ স্বাস্থ্যসেৱাৰ নগ্ন স্বৰূপ উদঙাই দিছে।

বৰপেটাৰ মাজৰচৰ গাঁৱৰ বাসিন্দা এগৰাকী মহিলাক এম্বুলেন্সৰ অভাৱত তথা সুচল পথ যোগাযোগৰ অভাৱত ঠেলাগাড়ী আৰু নাৱেৰে হাস্পাতললৈ লৈ যাবলগীয়া হৈছে।

বাতৰি অনুসৰি, মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত ভোগাৰ পাছত তেওঁৰ ঠোলাগাড়ীৰে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হৈছিল।

তেওঁক লগতে চৰকাৰী হাস্পাতলত ভৰ্তি কৰাবলৈ নিয়াৰ সময়ত এখন দেশী নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ কৰোৱা হৈছিল।

আক্ৰান্ত মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰে যে তাত এম্বুলেন্স থকা সত্ত্বেও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এম্বুলেন্স তেওঁলোকৰ গাঁৱলৈ যাবলৈ অস্বীকাৰ কৰে।

অসমত স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ সমন্বয়হীনতাৰ বাবে তথা মনযোগৰ অভাৱৰ বাবে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ ৰাইজে এইদৰে জীয়াতু ভূগি আহিবলগীয়া হৈছে।