NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ ক্ৰিকেটাৰৰ দল গুৱাহাটীত উপস্থিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2019 8:51 am
Barsapara_Cricket_Stadium_match_under_floodlights-750x375

অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ ক্ৰমে দেওবাৰে গুৱাহাটীত উপস্থিত হয়হি বাংলাদেশৰ ক্ৰিকেটাৰৰ দল তথা আগশাৰীৰ সূৰ্য তৰুণ ক্লাব।

চুবুৰীয়া দেশখনৰ ক্ৰিকেটাৰৰ দলটোৱে অসম ৰঞ্জী ট্ৰফীৰ সাম্ভাব্য দলটোৰ সৈতে পাঁচ খন প্ৰস্তুতি খেলত অংশলোৱাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয়হি।

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া খেলখনৰ প্ৰথমখন খেল সোমবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ’ব। বাংলাদেশৰ দলটোত দেশখনৰ জাতীয় এ দলৰ ৬ গৰাকী খেলুৱৈ আছে।

বাংলাদেশৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ এডেলাইটৰ এটা ক্ৰিকেট দলকো অসমে আমন্ত্ৰণ জনাইছিল যদিও দলটো আহিব নোৱাৰাত তেওঁলোকক পৰৱৰ্তী সময়ত আমন্ত্ৰণ জনোৱা হ’ব বুলি সন্থাৰ তৰফৰ পৰা জনোৱা হয়।

বাংলাদেশৰ দলটোৰ সৈতে প্ৰস্তুতি খেলত অংশগ্ৰহণ কৰাৰ পাছতে ৰঞ্জী ট্ৰফীৰ অভিযান আৰম্ভ কৰিবলগীয়া অসম দলটোক এনেধৰণৰ বিশেষ প্ৰস্তুতিয়ে ভাল প্ৰদৰ্শন আগবঢ়োৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।