NORTHEAST NOW (Assamese)
অসম

উলহ মালহেৰে বৰদিন পালন টংলাত

Posted by: চাজিদ খান December 26, 2017 10:00 am
উলহ মালহেৰে বৰদিন পালন টংলাত

গোটেই বিশ্ব তথা ভাৰতবৰ্ষৰ সমান্তৰালকৈ অসমৰো ওদালগুৰি জিলাৰ টংলাত উলহ-মালহেৰে পৱিত্ৰ বৰদিন উৎসৱ পালন কৰা হয়। মাজনিশা ভক্ত সকলে গীৰ্জা সমূহত প্ৰাৰ্থনা জনায় ভগৱান তথা পৰমেশ্বৰ যীচু খ্ৰীষ্টক সোঁৱৰে।  বাপ্তিস গিৰ্জা, ডন বস্ক’ আৰু টংলা কেথলিক গীৰ্জাত মাজনিশাই হেজাৰ – হেজাৰ খৃষ্টান ধৰ্মালম্বী লোকে গোট খাই চহৰখনক ৰঙীণ কৰি তোলে। বৰদিন পালন তথা গীৰ্জা সমূহত এবাৰলৈ প্ৰাৰ্থনা কৰাৰ লক্ষ্যৰে অন্য ধৰ্মৰ লোক সমূহেও এই উৎসৱত ভাগ লৈছে। বহু খৃষ্টান ধৰ্মালম্বী লোকে উপস্থিত হৈ ভগৱান যীচুৰ নাম লৈ বিভিন্ন কেৰল গীত পৰিবেশনৰ লগতে শিশু সকলে নিজৰ নিজৰ মাজত উপহাৰ আদান প্ৰদান কৰে।

ডন বস্ক’ কেথলিক গীৰ্জাত ৰাতি প্ৰাৰ্থনাৰ নেতৃত্ব দিয়ে বস্ক’ মাউণ্ট ৰেক্টৰ ফ্ৰেড চিয়ে জনে। জো কি ৰেক্টৰ ফাডাৰ মাৰ্কুছ লাকাৰাৰ নেতৃত্বত সোমবাৰে বৰদিনৰ বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় আৰু তাৰ পিছত এক সংগীতানুষ্ঠান কাৰ্যসূচী আৰম্ভ হয়। মাজনিশাৰ পৰাই কোকৰাঝাৰৰ বিভিন্ন খৃষ্টান ধৰ্মীয় ঘৰ তথা গিৰ্জা, বিদ্যালয় সমূহত হেজাৰ – হেজাৰ খৃষ্টান ধৰ্মালম্বী লোকে গোট খাই ভগৱান তথা পৰমেশ্বৰ যীচুৰ নাম লৈ গীত মাতেৰে পৰিৱেশ জীপাল কৰি তোলে।

উল্লেখণীয় যে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ বাবে মুখ্য গীৰ্জাস্থলী ডন বস্ক কেথলিকত অসংখ্য ভক্তই মাজনিশাৰ পৰাই মম বাতি আৰু ধূপ কাঠি জলাই পৰমেশ্বৰ যীচু খ্ৰীষ্টক সোঁৱৰে।