NORTHEAST NOW (Assamese)
অসম

গ্ৰেটাৰ নাগালিমৰ বিৰোধিতাৰে বিভিন্ন দল-সংগঠনৰ ১২ ঘণ্টীয়া ডিমা হাচাও বন্ধত আৰক্ষীৰ গুলী চালনা

Posted by: এন ই নাও নিউজ January 25, 2018 9:08 am
Representative Image

এনএচচিএন-আই এম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা নাগা ফ্ৰেমৱ’ৰ্ক চুক্তি বৰ্তমান পৰ্যন্ত ৰাজহুৱা কৰা ন’হল। এই নাগা চুক্তি অনুসৰি অসমৰ পাৰ্বত্য জিলা ডিমা হাচাও গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্তি হ’ব বুলি বিভিন্ন সময়ত বিভিন্ন বাতৰি প্ৰকাশ হৈ আহিছে। ঠিক সেইদৰে কিছুদিন পূৰ্বে আৰ এছ এছ নেতা জগদম্বা মলেও বক্তব্য কৰিছিল যে গ্ৰেটাৰ নাগালিমত ডিমা হাচাওক অন্তৰ্ভুক্ত কৰিব লাগে। সংবাদ মাধ্যমত এই মন্তব্য প্ৰকাশ পোৱাৰ পিছতে ডিমা হাচাওৰ দল সংগঠন জাঙুৰ খাই উঠিছে আৰু চৰকাৰক এই সম্বন্ধে স্পষ্ট মত প্ৰকাশ কৰিবৰ দল-সংগঠনে হেচা দিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা একো স্পষ্টীকৰণ নহা বাবেই বৃহস্পতিবাৰে ১২ ঘণ্টীয়া ডিমা হাচাও বন্ধৰ ঘোষণা কৰিছে।

জাদিখে নাইছ হচম, ডিমাচা ছাত্ৰ সন্থা, সদৌ ডিমাচা ছাত্ৰ সন্থা, ডিমাচা মাডাৰ এছ’চিয়েশ্যন আৰু ডিমাচা ৱ’মেন ছ’চাইটীয়ে আহ্বান কৰা বন্ধ বৃহস্পতিবাৰৰ ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বাহাল থাকিব।

লক্ষ্যণীয় যে প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমত যদি ডিমা হাচাও জিলাৰ এক ইঞ্চি ভূমিও অন্তৰ্ভুক্ত হয় তেন্তে উক্ত সংগঠনকেইটাই তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছিল।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে বিভিন্ন দল-সংগঠনৰ শ শ প্ৰতিবাদকাৰীয়ে জগদম্বা মলে কৰা মন্তব্যৰ বিৰুদ্ধে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ হাফলঙত এক বিশাল সমদল উলিয়াইছিল।

বিক্ষোভকাৰীয়ে কেৱল গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্তিৰ বিষয়ে বিৰোধিতা কৰাই নহয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা ফ্ৰেমৱ’ৰ্ক চুক্তিৰ প্ৰস্তাৱিত জিলাৰ এলেকাসহ উপগ্ৰহ কাউঞ্চিল গঠনৰ যি সিদ্ধান্ত লৈছে তাৰো বিৰোধিতা কৰা দেখা গৈছে।

স্মৰ্তব্য যে নাগা ফ্ৰেমৱ’ৰ্ক চুক্তি ৰাজহুৱা নকৰা বাবে ডিমা হাচাও জিলাত বিভিন্ন সময়ত দল-সংগঠনে প্ৰতিবাদত জপিয়াই পৰা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ জানিব পৰা মতে আৰক্ষীয়ে আজি প্ৰতিবাদকাৰী সকলৰ ওপৰত গুলী চালনা কৰে।