NORTHEAST NOW (Assamese)
অসম

বাৰশ অতিক্ৰম অসমত ক’ভিড-১৯ আক্ৰান্তৰ, নতুনকৈ চিনাক্ত ৩১

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 31, 2020 12:08 am
COVID19: 2772 persons discharged in Assam on Thursday

আৰু ৩১গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে শনিবাৰে অসমত মুঠ আক্ৰান্ত ১২১৬লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে বিমানত অসমলৈ বাহিৰৰ পৰা ঘূৰি অহা ২০গৰাকী আৰু মৰিগাঁৱৰ ১১গৰাকী ব্যক্তি।

এইসকলক ধৰি শনিবাৰে ৰাজ্যত মুঠ ক’ভিড-১৯ পজিটিভ চিনাক্ত ব্যক্তি হৈছেগৈ ১৫৯গৰাকী।

বৰ্তমান ১০৪৬গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১৬৩জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যুমুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ২৬ গৰাকী কোকৰাঝাৰ আৰু চিৰাং, ২০ গৰাকী হাইলাকান্দি, ১৩ গৰাকী কামৰূপ, ডিব্ৰুগড়ৰ ১৩ গৰাকী, যোৰহাটৰ ৯ গৰাকী, দুগৰাকী গোলাঘাট আৰু কাছাৰৰ দুগৰাকী।

আজি পুৱাৰ ভাগত  ৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত। আক্ৰান্তসকলৰ ৫ গৰাকী ধুবুৰী, গোলাঘাটৰ ৫ গৰাকী, ৩ গৰাকী বৰপেটা, বঙাইগাঁওৰ এগৰাকী আৰু ২৯ গৰাকী আক্ৰান্তৰ ৰিপোৰ্ট বিভিন্ন লেবৰ পৰা আহিছিল।

কালিৰ দিনটোত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১১৪৬ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।