NORTHEAST NOW (Assamese)
অসম

বানাক্ৰান্ত অসম: মৃত্যুৰ সংখ্যা ৬জনলৈ বৃদ্ধি, ৩লাখ ৭০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 7:07 am
123790-qbkrrkvixu-1563069980-750x375

কৰ’না সংক্ৰমণৰ সমান্তৰালকৈ অসমত বানপানীৰো তাণ্ডৱ আৰম্ভ হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতিৰ অৱনতি ঘটিছে।

শনিবাৰে বানপানীত আৰু এজন লোকৰ মৃত্যু ঘটিছে। বানপানীত এতিয়ালৈকে ৰাজ্যখনত মুঠ ৬জন লোকে প্ৰাণ হেৰুৱাইছে।

চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনৰ ছয়খন জিলাৰ মুঠ ৩লাখ ৭০হাজাৰ লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে।

শনিবাৰে নগাঁও জিলাৰ কামপুৰত বানপানীৰ ফলত এজন লোকৰ মৃত্যু হৈছে।

চৰকাৰী তথ্য অনুসৰি, ৰাজ্যখনৰ ৩৪৮খন গাঁও এতিয়াও পানীত ডুব গৈ আছে। প্ৰায় ২৬হাজাৰ ৯৭৭হেক্টৰ ভূমিৰ শস্য ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যখনৰ চাৰিখন জিলাৰ ১৯৫টা সাহায্য শিৱিৰত ১৭,৭৭০জন লোকে আশ্ৰয় লৈ আছে।

তথ্য অনুসৰি, নলবাৰী, গোৱাৰপাৰা, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাৰ ৩লাখ ৭২হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

উক্ত জিলাসমূহৰ ভিতৰত গোৱালপাৰা জিলাৰ বান পৰিস্থিতি আটাইতকৈ শোচনীয় হৈ পৰিছে। জিলাখনত ১লাখ ৫৯হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

নগাঁও জিলাত কপিলী আৰু ধৰমতুল নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে।

কামৰূপ, গোৱালপাৰা, হোজাই, নগাঁও, বৰপেটা, শোণিতপুৰ আৰু ওদালগুৰিত মথাউৰি, পথ, দলং, কালভাৰ্টকে ধৰি আন আন্ত:গাঁথনি ব্যাপক ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড় আৰু মাজুলীত ভয়ংকৰ গৰাখহনীয়াই বিপৰ্যয় নমাই আনিছে।

শনিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী জিলাৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে বানপানীৰ ফলত ভাগি যোৱা মথাউৰিসমূহ যুদ্ধকালীন ক্ষিপ্ৰতাৰে মেৰামিত কৰাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে লকডাউনৰ ফলত মথাউৰি পুননৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰে।