NORTHEAST NOW (Assamese)
অসম

অশান্ত মণিপুৰত শান্তি কেতিয়া ঘূৰিব? কেন্দ্ৰই গঠন কৰা ‘শান্তি সমিতি’ক লৈও উত্থাপন হৈছে প্ৰশ্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2023 11:19 am

পাহাৰীয়া ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰই যৎপৰোনাস্তি চেষ্টা চলাইছে যদিও কোনো সমাধানৰ সূত্ৰ উ লিয়াব পৰা নাই। ইটোৰ পিছত সিটো সংঘাতত উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যত ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰিছে চৰকাৰে। ১৫ জুনলৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা।

শনিবাৰে নিশা প্ৰশাসনে প্ৰকাশ কৰা এক বিবৃতিত এই তথ্য অৱগত কৰা হৈছে। ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

লগতে পঢ়ক: বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গ’ল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত

এমাহ পূৰ্বে মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে কমেও এশজন লোকে প্ৰাণ হেৰুৱাইছে। আহতৰ সংখ্যা ৩০০ অতিক্ৰম কৰিছে। সেইদৰে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

যোৱা মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই মণিপুৰলৈ গৈ শান্তি ঘূৰাই আনিবলৈ তাত থকা জনজাতীয় গোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছিল। তাৰ সমান্তৰালকৈ শান্তি সমিতিও গঠন হ’ল। কিন্তু কোনো সমাধান ওলোৱা নাই।

ইপিনে, কেন্দ্ৰই গঠন কৰা শান্তি সমিতিখন বৰ্জন কৰিছে কুকি জনগোষ্ঠীয়ে। মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ উপস্থিতিকলৈয়েই এই বৰ্জন। তেওঁলোকৰ অভিযোগ যে অমিত শ্বাহে ৫১ জনীয়া এখন সমিতি গঠন কৰে। মুখ্যমন্ত্ৰী বীৰেণ সিংও তাত আছে। কিন্তু কোনো কেন্দ্ৰীয় প্ৰতিনিধি নাই।

লগতে পঢ়ক: বিস্ময়! বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা চাৰিটা শিশু কেনেকৈ গভীৰ জংঘলত বাচি থাকিল ৪০ দিন

জনজাতীয় নেতাসকলৰ মঞ্চই এক বিবৃতিত শান্তি সমিতিত মুখ্যমন্ত্ৰীৰ নাম ৰখাকলৈ তীব্ৰ গৰিহণা দিছে। ইয়াৰ সমান্তৰালকৈ কুকি সম্প্ৰদায়ৰ ৰাইজেও কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকৰ অভিযোগ যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ তালিকাত যি নাম অন্তৰ্ভুক্ত কৰিছে তাত মেইটেই সম্প্ৰদায়ৰ ২৫ জন সদস্যৰ নাম ৰাখিছে। আনহাতে, ১১ জন কুকি সম্প্ৰদায়ৰ আৰু ১০ জন নগা সম্প্ৰদায়ৰ। মুছলমান আৰু নেপালী সম্প্ৰদায়ক ক্ৰমে তিনিজন আৰু দুজন সদস্যই প্ৰতিনিধিত্ব কৰিব।

লগতে পঢ়ক: Novak Djokovic : কেৰিয়াৰত ২৩টা গ্ৰেণ্ড শ্লেম; ফ্ৰেন্স অ’পেনত জয়লাভ কৰি টেনিছত ইতিহাস গঢ়িলে জ’কভিচে

কুকি জনগোষ্ঠীয়ে দাবী কৰিছে যে তেওঁলোকৰ সন্মতি অবিহনে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কমিটীত নিজৰ পছন্দৰ প্ৰতিনিধি নিযুক্তি দিছে।