NORTHEAST NOW (Assamese)
অসম

২২০০ অতিক্ৰম অসম ক’ভিড আক্ৰান্তৰ, দিনটোত চিনাক্ত ১২৮

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 5, 2020 11:41 pm
642 persons test Covid19 positive in Assam on Saturday

আৰু ৯০গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্ত শুকুৰবাৰে ২২৪৩লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে ধুবুৰীৰ ৩৭, ডিমা হাচাওৰ ১৫, কৰিমগঞ্জৰ সাত, কাছাৰৰ সাত, বাক্সাৰ সাত, হাইলাকান্দিৰ ছয়, ওদালগুৰিৰ তিনি, দক্ষিণ শালমাৰাৰ দুই, ধেমাজিৰ দুই আৰু নলবাৰী, বৰপেটা, বঙাইগাওঁ আৰু চিৰাঙৰ এগৰাকীকৈ ব্যক্তি।

এইসকল ব্যক্তিক ধৰি শুকুৰবাৰৰ দিনটোত অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছেগৈ ১২৮গৰাকী।

অসমত ইতিমধ্যে ৫০৯গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১৭২৭গৰাকী।

চাৰিগৰাকী ক’ভিড-১৯ ৰোগীৰ অসমত মৃত্যু হৈছে।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে ৩৮ গৰাকী লোকৰ দেহত পোৱা গৈছিল কোভিড-১৯ পজিটিভ

ইয়াৰে ১৩ গৰাকী দৰং, ন গৰাকী ডিমা হাছাও, ৭ গৰাকী শোণিতপুৰ, দুগৰাকী হাইলাকান্দি আৰু দুগৰাকী কৰিমগঞ্জৰ।

কালিৰ দিনটোত  ২৪৩ গৰাকী লোক আক্ৰান্ত হৈচ ক’ৰ’ণাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।