NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত নতুনকৈ ৪৮ ক’ভিড আক্ৰান্ত চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 12:00 am
48 persons test COVID-19 positive in Tripura on Friday

৪৮গৰাকী ব্যক্তিক ত্ৰিপুৰাত শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে সদৰী কৰা মতে চিনাক্তসকলৰ সকলোৰে ভ্ৰমণৰ ইতিহাস আছে।

তেওঁ লগতে জনায় যে শুকুৰবাৰে ৰাজ্যখনত মুঠ ১০২৬টা নমুনা পৰীক্ষা কৰা হৈছিল।

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে ৰাজ্যখনত শুকুৰবাৰে ৪৭১গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে।

ৰাজ্যখনত এতিয়ালৈকে ক’ভিড-১৯ত কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। বিপৰীতে ১৭৩গৰাকী (তাৰে কেইগৰাকীমানক স্থানান্তৰিত কৰা হৈছে) ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য মতে ৰাজ্যখনত মুঠ চিনাক্ত ক’ভিড-১৯ আক্ৰান্ত ৬৪৪গৰাকী।