• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্ময়! বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা চাৰিটা শিশু কেনেকৈ গভীৰ জংঘলত বাচি থাকিল ৪০ দিন

প্ৰকৃতিৰ সৈতে সম্পৰ্কই কেনেকৈ সংকটৰ মাজতো বৰ্তি থকাৰ সাহস আৰু শক্তি দিয়ে তাৰেই উদাহৰণ এই ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2023 9:22 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১ মে’ত কলম্বিয়াত এগৰাকী মাতৃ আৰু তেওঁৰ চাৰিটা সন্তানৰ পাৰিবাৰিক ভ্ৰমণ এক মৰ্মান্তিক দুৰ্ঘটনালৈ পৰিণত হৈছিল। তেওঁলোকক কঢ়িয়াই নিয়া বিমানখন মাজ বাটতে দুৰ্ঘটনাগ্ৰস্ত হৈ আমাজনৰ গভীৰ জংঘলত পৰে।

স্থানীয় জনজাতি লোকৰ সৈতে মিলি সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ দুসপ্তাহৰ পাছতে হাবিত উদ্ধাৰ হয় দুজন পাইলট আৰু মাতৃৰ মৃতদেহ।

কিন্তু চাৰি ভাই-ভনী, যাৰ এজনৰ বয়স মাত্ৰ ১১ মাহ আছিল, তেওঁলোকৰ তেতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাছিল।

Apply Now

অৱশেষত কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই যোৱা শুকুৰবাৰে কলম্বিয়াৰ আমাজন জংঘলত তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি ঘোষণা কৰে। তেওঁ ক য় যে সমগ্ৰ দেশৰ বাবে এয়া এক সুখৰ খবৰ।

সেনাই তেওঁলোকক জংঘলৰ পৰা উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে লৈ যায়। ইয়াৰ পিছত তেওঁলোকক ৰাজধানী বগোটাৰ কেন্দ্ৰীয় সামৰিক চিকিৎসালয়লৈ অনা হয়। আৰু তাতেই ল’ৰা-ছোৱালীকেইটা পৰিয়ালৰ সৈতে পুনৰ মিলিত হয়।

শিশুসকলৰ ককাক ফিডেন্সিঅ’ ভেলেন্সিয়াই কয় যে তেওঁলোকৰ অৱস্থা এতিয়া “অতি দুৰ্বল ” যদিও “পৰিয়ালটোক দেখিবলৈ পাই তেওঁলোক আনন্দিত”।

কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনাটো

পৰিয়ালটো হুইটোটো জনজাতি গোষ্ঠীৰ সদস্য। যোৱা ১ মে’ত মাতৃ মেগডেলিনা মুকুটুই ভেলেন্সিয়াই ক্ৰমে ১৩, ৯ আৰু ৪ বছৰীয়া তিনিগৰাকী কন্যা আৰু এজন পুত্ৰৰ সৈতে বিমানত উঠিছিল। সৰুজনীৰ বয়স মাত্ৰ ১১ মাহ।

চেছনা ২০৬ এখন সৰু লঘু বিমান। এই পাঁচজনৰ লগতে দুজন পাইলটকে ধৰি মুঠ সাতজন লোকক লৈ যোৱা বিমানখনে কাকেটা প্ৰদেশৰ বনাঞ্চল আৰাৰাকুৱাৰা বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। তেওঁলোকৰ গন্তব্যস্থান আছিল কলম্বিয়াৰ জংঘলৰ ওপৰেৰে ৩৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছান জোছ ডেল গুয়াভিয়াৰ চহৰ।

কিন্তু বিমানখন উৰণৰ কিছু সময়ৰ পাছতে ইয়াৰ পাইলটে ইঞ্জিন বিকল হোৱাৰ সংকেত দিয়ে আৰু বিমানখন ৰাডাৰৰ পৰা নোহোৱা যায়।

উদ্ধাৰ অভিযান

বাঘ, সাপ আৰু অন্যান্য বিপজ্জনক প্ৰাণীৰ উপৰিও আমাজন জংঘলৰ এই অংশত বিভিন্ন সশস্ত্ৰ সংগঠনো তৎপৰ। স্থানীয় জনজাতীয় গোষ্ঠী আৰু কলম্বিয়াৰ সেনাই জংঘলৰ গভীৰত বিমানখনৰ সন্ধান আৰম্ভ কৰে। অৱশেষত বিমানখন দুৰ্ঘটনাৰ দুসপ্তাহৰ পাছত ১৫ মে’ত হাবিত দেখা গ’ল।

ইয়াক মাটিত থিয় হৈ পৰি থকা দেখা যায়। পাইলট দুজনৰ মৃতদেহ আৰু শিশুটিৰ মাতৃ মেগডেলিনাৰ মৃতদেহ উদ্ধাৰ হয়।

কিন্তু ল’ৰা-ছোৱালীকেইটাৰ কোনো খা-খবৰ নাই। কিন্তু লগত থকা চিকাৰী কুকুৰটোৱে প্ৰথমে ল’ৰা-ছোৱালীকেইটাৰ বাবে পানী খোৱা বটল এটা চিনাক্ত কৰে।

ইয়াৰ পিছত উদ্ধাৰকাৰীসকলে আধা খোৱা ফল, কাপোৰকে ধৰি বিভিন্ন জীৱৰ অস্তিত্ব ইফালে সিফালে সিঁচৰতি হৈ থকা দেখিবলৈ পায়। সন্ধান আৰম্ভ হয়।

বিভিন্ন ক্লু আৰু ৰাষ্ট্ৰপতিৰ ভুল টুইট

শিশুকেইটাক পুনৰ জীৱিত কৰাৰ আশাত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হয়।

বায়ুসেনাও সেনাবাহিনী আৰু স্থানীয় জনসাধাৰণৰ লগত যোগদান কৰে। এই হাবিৰ তলতে বসবাস কৰা গাঁওবাসী আৰু সেনাবাহিনীৰ এশজন সদস্যই অভিযান চলায়। আৰু বিমান আৰু হেলিকপ্টাৰেৰে আকাশৰ পৰা শিশুৰ সন্ধান অব্যাহত ৰাখে।

ইফালে দুৰ্ঘটনাস্থলীৰ আশে-পাশে ইটোৰ পিছত সিটো ক্লু পোৱা যায়। উদ্ধাৰকাৰী দলটোৱে অৰণ্যত নিৰ্মাণ কৰা এটা আশ্ৰয় শিবিৰ দেখিবলৈ পায়। ইয়াৰ উপৰিও কেঁচি, চুলিৰ বেণ্ড, টাৱেল আৰু জোতাও পোৱা যায়।

কিন্তু তৃতীয় সপ্তাহলৈকে দুটা ব্যৱহৃত ডায়েপাৰ আৰু ভৰিৰ ছাপ দেখি সেনাই নিশ্চিত হ’ল যে দুৰ্ঘটনাটোত শিশুসকলৰ মৃত্যু হোৱা নাই। কিন্তু তেওঁলোকে সকীয়াই দিয়ে যে শিশুকেইটাই অতি শেহতীয়াকৈ দুৰ্ঘটনাস্থলীৰ পৰা আঁতৰি যোৱা নাই, বিভিন্ন সূত্ৰৰ পৰা অনুমান কৰা হৈছে যে তেওঁলোকে ‘৩ আৰু ৮ মে’ৰ ভিতৰত’ ঠাইখন এৰি গৈছিল।

কিন্তু প্ৰচণ্ড বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এই ঘন অৰণ্যত উদ্ধাৰ অভিযান কঠিন হৈ পৰিল।

ইয়াৰ পূৰ্বে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ক বহুলভাৱে সমালোচনা কৰা হৈছিল। তেওঁ এটা টুইটযোগে কয় যে শিশুকেইটাক উদ্ধাৰ কৰা হৈছে। কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ ডিলিট কৰি ক’লে যে তেওঁক ভুল তথ্য দিয়া হৈছে।

উদ্ধাৰকাৰী দলে বিমানৰ পৰা স্পেনিছ আৰু হুইটুটো ভাষাত বাৰ্তা জংঘলত এৰিবলৈ আৰম্ভ কৰিলে যাতে শিশুসকলক একেলগে থাকিবলৈ আৰু বিভিন্ন দিশত বিচৰণ নকৰিবলৈ কোৱা হয়। একে সময়তে আইতাকৰ মাতত এই শব্দবোৰ ৰেকৰ্ড কৰি গোটেই হাবিত বজাই দিয়া হয়।

বিস্ময়, অলৌকিক ঘটনা!

কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে এই চাৰি শিশুক প্ৰথমে বিচাৰি পোৱাৰ কথা জনায়। তেওঁৰ মতে যোৱা ৯ মে’টো আছিল ‘যাদুকৰী দিন’।

গুস্তাভোই কয়,”তেওঁলোক অকলে আছিল, তেওঁলোকে জীয়াই থকাৰ এক ডাঙৰ উদাহৰণ সৃষ্টি কৰিছে যিটো ইতিহাসত লিখা ৰ’ব।”  

উদ্ধাৰ অভিযানৰ নেতৃত্ব দি থকা জেনেৰেল পেড্ৰ’ ছানচেজে অভিযানৰ সফলতাৰ কৃতিত্ব আগবাঢ়ি অহা জনজাতীয় গোষ্ঠীটোক দিছে।

“আমি ল’ৰা-ছোৱালীকেইটাক বিচাৰি পাইছো: অলৌকিক, বিস্ময়!”- সাংবাদিকসকলৰ প্ৰতি এইদৰেই সঁহাৰি জনাইছিল জেনেৰেল পেড্ৰ’ ছানচেজে।

কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে উদ্ধাৰ কৰা শিশুসকলক হেলিকপ্টাৰেৰে আন্ধাৰ জংঘলৰ পৰা উলিয়াই অনা হৈছে।

ইয়াৰ পিছতে তেওঁলোকক বিমানেৰে ৰাজধানী বগোটালৈ লৈ যোৱা হয়। তাৰ পৰাই শিশুকেইটাক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়।

প্ৰতিৰক্ষা মন্ত্ৰী ইভান ভেলাস্কেজে কয় যে সামগ্ৰিকভাৱে শিশুসকলৰ অৱস্থা ভাল, চিকিৎসাৰ প্ৰতিবেদন অনুসৰি তেওঁলোক সংকটমুক্ত।

সেনাবাহিনীৰ চিকিৎসক কাৰ্লোছ ৰিংকনে কয় যে তেওঁলোকৰ “পুষ্টিৰ সমস্যা” আছে। আৰু ‘পেশীৰ সামান্য আঘাত, ছালত কিছু কামোৰৰ চিন’ৰ বাহিৰে আন কোনো সমস্যা নাই।

গভীৰ অৰণ্যত কেনেকৈ জীয়াই আছিল সিঁহত?

হুইটুটু সম্প্ৰদায় জংঘলৰ লগত খাপ খুৱাব পৰা ক্ষমতাৰ বাবে জনাজাত। উদ্ধাৰ অভিযানত জড়িত সম্প্ৰদায়ৰ লোকসকলে কয় যে বিভিন্ন ফল-মূলৰ জ্ঞান আৰু বনাঞ্চলত জীয়াই থকাৰ কৌশলৰ জ্ঞানে শিশুসকলক ৰক্ষা কৰে।

শিশুকেইটাৰ আইতাক ফাতিমা ভেলেন্সিয়াই নাতি-নাতিনীক উদ্ধাৰ কৰাৰ কথা জানিব পাৰি কয় যে, “মই অতিশয় কৃতজ্ঞ আৰু তেওঁলোকক নিৰাপদে মুক্তি দিয়াৰ বাবে ধৰিত্ৰী আইক ধন্যবাদ জনাইছো।”

তেওঁ কয় যে এই চাৰিজন ভাই-ভনীৰ ভিতৰত ডাঙৰ লেছলি মুকুটিৰ বয়স ১৩ বছৰ। আৰু মাকে কামলৈ যোৱাৰ সময়ত তাইয়েই বাকী তিনিজন ভাই-ভনীৰ যত্ন লৈছিল।

আৰু এইটোৱেই তেওঁলোকে অৰণ্যত জীয়াই থকাত সহায় কৰিছিল। তদুপৰি বিমানখনৰ ধ্বংসাৱশেষৰ পৰাও তেওঁলোকে উপযোগী বস্তু সংগ্ৰহ কৰিছিল।

ইভিএনত প্ৰচাৰিত এটা ভিডিঅ’ত মিজ ভেলেন্সিয়াই কোৱা দেখা গৈছে, “তাই তেওঁলোকক আটা আৰু শিমলু আলুৰ ৰুটি খুৱাইছিল, জোপোহাৰ পৰা ফল গোটাইছিল, কোনবোৰ খাব লাগে তেওঁলোকে জানে।”

প্ৰতিৰক্ষা মন্ত্ৰী ইভান ভেলাস্কেজেও লেছলিক প্ৰশংসা কৰি কয় যে, “তাইক ধন্যবাদ, তাইৰ নেতৃত্ব, জংঘলৰ বিষয়ে জ্ঞান আৰু তাইৰৰ যত্নই বাকী তিনিজনক জীয়াই থকাত সহায় কৰিছিল।”

কলম্বিয়াৰ পৰিয়াল কল্যাণ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান এষ্ট্ৰিড কেচেৰেছে কয় যে শিশুসকলে এতিয়াও তেনেকৈ কথা কোৱা নাই আৰু তেওঁলোক সম্পূৰ্ণ স্বাভাৱিক হ’বলৈ সময় লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd