ঝাৰখণ্ডৰ ৰামগড় জিলাৰ ৰাজাপাৰা অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাঁচী-পাটনা ঘাইপথত তীৰ্থযাত্ৰী কঢ়িয়াই অনা স্ক’ৰপিঅ’ গাড়ী এখন দুৰ্ঘটনাগ্ৰস্ত হয়।
বিহাৰৰ পৰা অহা তীৰ্থযাত্ৰীৰ গাড়ীখনত মুঠ ১৪জন লোক আছিল। এই শোকাৱহ দুৰ্ঘটনাত ৪ টা শিশু আৰু ৪ গৰাকী মহিলাসহ মুঠ ১৩ জন লোকৰ মৃত্যু হয়। আন এজন আহত হয়। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
খবৰ অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, তীৰ্থযাত্ৰীসকল বিহাৰৰ নালন্দা জিলাৰ জংঘাৰো গাঁৱৰ বাসিন্দা। পূজা দিবলৈ ৰাজৰাপ্পালৈ গৈ আছিল। সেই সময়তে গাড়ীখনে দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ কৰে। ক্ষতিগ্ৰস্ত গাড়ীখনৰ পৰা যাত্ৰীসকলক উলিয়াই অনাত সহায় কৰে। লগতে আহত ব্যক্তিজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। আৰক্ষী জোৱানসকলে পৰিস্থিতি পৰিদৰ্শন কৰে।
এজন জিলা আৰক্ষী বিষয়াই জনোৱা মতে, ১৩ জন লোকক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হয়। আহত ব্যক্তিজনক ৰামগড় সদৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তাত চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে এতিয়াও একো জানিব পৰা হোৱা নাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও চলিত নৱেম্বৰৰ আৰম্ভণিতে ঝাৰখণ্ডত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছিল। ৫ নৱেম্বৰত খুটি জিলাৰ কাৰা-টৰ্পা মূল পথৰ জ’ন-লুড্ৰু ছেক্সনৰ সমীপত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হৈছিল।





