সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে চেন্নাইলৈ গৈ ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনক বুজাবলৈ চেষ্টা কৰিব।
ইণ্ডিয়া মিত্ৰজোঁটৰ অন্তৰ্গত ষ্টেলিনৰ দল ডি এম কে-ই সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক সন্দৰ্ভত চৰকাৰক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে।
দেওবাৰে পুৱা চেন্নাইলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেৱল কয় যে ‘আমি চাম’।
ৰাহুল গান্ধীয়েও এক্স-ৰ জৰিয়তে এই কথা ঘোষণা কৰি কয় যে তেওঁ চেন্নাইলৈ ডি এম কেৰ জ্যেষ্ঠ নেতা এম কে ষ্টেলিনক সাক্ষাৎ কৰিবলৈ গৈ আছে।
বাতৰি মতে, চেন্নাইত ষ্টেলিনক সাক্ষাৎ কৰাৰ পিছত মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যান্য নেতাসকলে মুম্বাইত শাৰদ পাৱাৰকো সাক্ষাৎ কৰিব।
শাৰদ পাৱাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলেও সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কৰ সপক্ষে ভোটদান কৰাৰ কথা ঘোষণা কৰিছে।
সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে এক্সত লিখিছে, “কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকল. ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জী, মল্লিকাৰ্জুন খৰ্গে, কপিল ছিবাল, আৰু এম এ বেবীৰ লগতে ইণ্ডিয়া এলায়েন্সৰ নেতাসকলে দুখন বিমানেৰে চেন্নাইলৈ যাত্ৰা কৰিছে। তাত তেওঁলোকে এম কে ষ্টেলিনৰ সৈতে সাক্ষাৎ কৰিব। ইয়াৰ পিছত তেওঁলোকে মুম্বাইলৈ গৈ শাৰদ পাৱাৰৰ সৈতে সাক্ষাৎ কৰিব।”
লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে এক্সত লিখিছে, “মই আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলে থিৰু এম কে ষ্টেলিনক সাক্ষাৎ কৰিবলৈ চেন্নাইলৈ যাত্ৰা কৰিম। আমি তেওঁক আৰু ডি এম কেক সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে জড়িত সাংবিধানিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাম।”
তেওঁ কয়, “লোকসভাৰ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰিলে ভাৰতৰ গণতন্ত্ৰ ধ্বংস হ’ব। ইয়াৰ দ্বাৰা বিজেপি-আৰএছএছে ভাৰতৰ সমগ্ৰ নিৰ্বাচনী মানচিত্ৰখন নিজৰ স্বাৰ্থত পুনৰ অংকন কৰাৰ স্বাধীনতা লাভ কৰিব।”
তেওঁ লগতে কয়, “ভাই ষ্টেলিনে সদায় তামিল বিৰোধী শক্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছে। ৰাষ্ট্ৰীয় স্বাৰ্থ, তামিলনাডুৰ স্বাৰ্থ আৰু সংবিধান ৰক্ষা কৰিবলৈ আমি এই বিধেয়কখনক পৰাস্ত কৰিবলৈ একত্ৰিত হ’ব লাগিব।”
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে সংবাদ মাধ্যমৰ আগত কয়, “ইণ্ডিয়া মিত্ৰজোঁট আৰু মহা বিকাশ আঘাদীয়ে সংগ্ৰাম এৰি দিয়া নাই। আজি মল্লিকাৰ্জুন খৰ্গে মুম্বাইলৈ আহি আছে। ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীও উপস্থিত থাকিব। গণতন্ত্ৰৰ যুঁজ আৰু দেশক বচাবলৈ সংগ্ৰাম শেষ মুহূৰ্তলৈকে চলি থাকিব।”
শনিবাৰে ছচিয়েল মিডিয়াত শৰদ পাৱাৰক লৈ ৰাজ থাকৰেও মন্তব্য কৰে। তেওঁ টুইটাৰত লিখিছে, ‘মই ইতিমধ্যে ২০২৩ চনৰ ২ জুলাইত এই কথা কৈছিলোঁ, যেতিয়া ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ এটা ফৈদ বিচ্ছিন্ন হৈ বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত পৰৱৰ্তী তিনি বছৰ ধৰি এনচিপিৰ দুয়োটা ফৈদে সংঘাতৰ নাটক কৰিছিল যিটো যথেষ্ট বিশ্বাসযোগ্য যেন লাগিছিল। আৰু এতিয়া মই ইতিমধ্যে ভৱিষ্যদ্বাণী কৰা মতে আন এটা ফৈদে ক্ষমতাৰ জখলা বগাবলৈ আগবাঢ়িছে।”
তেওঁ লগতে কয়, “মই এবাৰ কৈছিলো যে এই সকলোবোৰ শাৰদ পাৱাৰৰ ‘যন্তৰ মন্তৰ’ৰ অংশ। এই খেলখন আচলতে অতি কম সংখ্যকেহে বুজি পায়। বাৰু।”





