NORTHEAST NOW (Assamese)
Popular Stories

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ তেজস্বীৰ অভিষেক নে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ চকীত নীতিশ?

Posted by: এন ই নাও নিউজ, অসমীয়া Updated by: এন ই নাও নিউজ, অসমীয়া November 14, 2025 7:50 am

আজি, ১৪ নৱেম্বৰ, ২০২৫ চন, বিহাৰৰ ৰাজনৈতিক ভাগ্য নিৰূপণৰ দিন। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ২৪৩ খন আসনৰ ভোট গণনা আজি আৰম্ভ হৈছে। এই নিৰ্বাচন মুখ্যতঃ নীতিশ কুমাৰৰ নেতৃত্বাধীন এনডিএ আৰু তেজস্বী যাদৱৰ নেতৃত্বাধীন মহাগটবন্ধনৰ মাজৰ প্ৰতিযোগিতা।

নিৰ্বাচনৰ তাৰিখ: দুটা পৰ্যায়ত – ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

আসনৰ সংখ্যা: ২৪৩ খন।

সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সংখ্যা: ১২২ খন আসন।

মুঠ ভোটদানৰ হাৰ: ৬৭.১৩% (যিটো ১৯৫১ চনৰ পিছত সৰ্বাধিক)।

ভোট গণনাৰ আৰম্ভণি: পুৱা ৮:০০ বজাত।

উল্লেখ্য যে বেছিভাগ প্ৰাক নিৰ্বাচনী সমীক্ষাই বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন এন ডি এ (NDA)-য়ে পুনৰ ক্ষমতা দখল কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। কিছুমান সমীক্ষাই এন ডি এ-ক ১২২ খনৰ অধিক আসন দিছে।

যেনে, এক্সিছ মাই ইণ্ডিয়াৰ (Axis My India) সমীক্ষাত এন ডি এ-ক ১২১-১৪১ খন আৰু মহাগঠবন্ধনক ৯৮-১১৮ খন আসন পোৱাৰ সম্ভাৱনা দেখুওৱা হৈছে।

নিৰ্বাচনত যদিও এন ডি এ আৰু মহাগঠবন্ধনৰ মাজত প্ৰধান প্ৰতিদ্বন্দ্বিতা হৈছে, তথাপি প্ৰশান্ত কিশোৰৰ জন সুৰাজ পাৰ্টি আৰু আন কেইটামান সৰু দলেও কিছু প্ৰভাৱ পেলোৱাৰ আশা আছে।

এই নিৰ্বাচনৰ ফলাফলে বিহাৰৰ আগন্তুক পাঁচ বছৰৰ বাবে ৰাজনৈতিক নেতৃত্ব নিৰ্ধাৰণ কৰিব। এতিয়া প্ৰশ্ন হৈছে নীতিশ কুমাৰ দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’বনে, নে তেজস্বী যাদৱে এই ৰাজনৈতিক সমীকৰণ সলনি কৰিব? সমগ্ৰ দেশৰ দৃষ্টি এতিয়া বিহাৰৰ এই মহাৰণৰ ফলাফলৰ ওপৰত নিৱদ্ধ হৈ আছে।