NORTHEAST NOW (Assamese)
Popular Stories

সোণৰ গহনা চুৰি কৰি টিকটক ভিডিঅ’ বনোৱা যুৱতীক গ্ৰেপ্তাৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 31, 2020 8:10 am

চুৰি কৰা সোণৰ গহনা পিন্ধি টিকটক ভিডিঅ’ বনোৱা শোণিতপুৰ বেদেতীৰ অনামিকা লাহন নামৰ যুৱতী গৰাকীক অৱশেষত গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীয়ে আটক কৰে।

শুকুৰবাৰে নিশা ১১:৩০ বজাত  বিশেষ সূত্ৰৰ পম খেদি  ঘাঁহিগাঁও আৰক্ষীৰ দলে গহপুৰৰ ধোপাবৰ মৰমী চেন্টাৰৰ পৰা মহিলা আৰক্ষীৰ সহযোগত যুৱতী গৰাকীক আটক কৰি গহপুৰ থানালৈ লৈ আহে।

ধৃত যুৱতীগৰাকী ধোপাবৰ চেন্টাৰৰ বৰা উপাধিৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। তেওঁ নৱজ্যোতি পায়েং নামৰ এজন লোকৰ ঘৰৰ পৰা সোণৰ সামগ্ৰীখিনি চুৰি কৰিছিল।

নৱজ্যোতি পায়েঙৰ ঘৰত ধৃত অনামিকা লাহনে যোৱা ফেব্ৰুৱাৰীৰ পৰা বনকৰা যুৱতী কাম কৰিছিল। পায়েঙৰ অভিযোগ মতে অনামিকাই তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় চাৰি লাখ টকাৰ সোণৰ গহনা চুৰি কৰে।

পিছত চুৰি কৰা গহনা পিন্ধি যুৱতী গৰাকীয়ে বনোৱা টিকটক ভিডিঅ’ দেখা পাই তেওঁলোকে আৰক্ষীক অৱগত কৰাত সকলো ৰহস্য ওলাই পৰে।

যুৱতী গৰাকী বিবাহিত তথা এটি কন্যা  সন্তানৰ মাতৃ বুলি জানিবলৈ দি পায়েঙে কয় যে তেওঁ সঘনাই নিজৰ নাম সলাই ফুৰে। অনামিকাৰ উপৰি তেওঁৰ পপি লাহন, চুমি বৰুৱা আদি বিভিন্ন নাম আছিল বুলি পায়েঙে কয়।