NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ অতিৰিক্ত খচৰা : আজিৰে পৰা আৰম্ভ হ’ব দাবী, শুনানি প্ৰক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2019 9:35 am
315-1140x570

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম থকাৰ পাছত কৰ্তন হোৱা তথা অতিৰিক্ত খচৰাত নাম অহা লোকসকলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আজিৰে পৰা দাবী দাখিল কৰিব পাৰিব আৰু সমান্তৰালভাৱে ইয়াৰ শুনানিও অনুষ্ঠিত হ’ব।

২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত অযোগ্যভাৱে বহু লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত ইয়াৰ পৰা প্ৰায় ১,০২,৪৬২গৰাকী লোকক চূড়ান্ত খচৰাৰ পৰা বাদ দি এই বাদ পৰা লোকসকলৰ এখন অতিৰিক্ত খচৰা যোৱা ২৬ জুনত প্ৰকাশ কৰা হয়।

অতিৰিক্ত খচৰাত নাম থকা এই লোকসকলৰ বাসস্থানৰ ঠিকনাত তেওঁলোকে বাদ পৰাৰ কাৰণ, দাবী উত্থাপন তেওঁলোকে ক’ত, কেতিয়া কৰিব পাৰিব তাৰ সৱিশেষ জনাই একোখনকৈ জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।

ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উক্ত লোকসকলে দাবী দাখিল কৰাৰ সমান্তৰালকৈ শুনানি প্ৰক্ৰিয়াও সম্পন্ন কৰিবলৈ নিষ্পত্তিকাৰী বিষয়াসকলক নিৰ্দেশ দিছে। তদুপৰি, উপযুক্ত নথি-পত্ৰ তথা সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি দাবী নিষ্পত্তি সম্পন্ন কৰি ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

প্ৰয়োজন অনুসৰি অতিৰিক্ত নিষ্পত্তিকাৰী বিষয়া নিয়োগ কৰিবলৈকো উপায়ুক্তসকলক পৰামৰ্শ দিছে ৰাজ্যিক সমন্বয়কগৰাকীয়ে। আনহাতে, এসপ্তাহৰ ভিতৰত এই দাবী দাখিল তথা শুনানি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

ইপিনে, এই শুনানি প্ৰক্ৰিয়াৰ ফলাফল অহা ৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিতহে প্ৰতিফলিত হ’ব।