NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক ধন্যবাদ বলিউদৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2019 9:32 am
dia_mir

নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ অবৈধ কয়লা খননৰ বিষয়টো লোকসভাৰ মজিয়াত উত্থাপন কৰা কাৰ্যই ৰাজনৈতিক মহলৰ লগতে বলিউদতো লাভ কৰিছে বিশেষ চৰ্চা। প্ৰসংগটো লোকসভাত উত্থাপন কৰাৰ বাবে বলিউদৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জাই ধন্যবাদ জনাইছে সাংসদ বৰদলৈক।

অভিনেত্ৰী গৰাকীয়ে টুইটৰ জৰিয়তে সাংসদ বৰদলৈক ধন্যবাদ জনায় কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰাৰ বাবে ধন্যবাদ প্ৰদ্যুৎ বৰদলৈ। আমি জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বণ্যপ্ৰাণী সুৰক্ষাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ দিব লাগিব।

ইয়াৰ উপৰি অভিনেত্ৰী গৰাকীয়ে অবৈধভাৱে চলি থকা কয়লাৰ খনন কাৰ্য বন্ধ হ’বই লাগিব বুলিও টুইটটোত উল্লেখ কৰে।

উল্লেখ্য যে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা প্ৰদ্যুৎ বৰদলৈয়ে অবৈধ কয়লা খনন কাৰ্যত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত আছে বুলি ধাৰাবহিকভাৱে কৈ থকাৰ পিছতে এই বিষয়টোৱে ৰাজনৈতিকভাৱে বিশেষ চৰ্চা লাভ কৰে। বিষয়টোক লৈ এতিয়াও অব্যাহত আছে কংগ্ৰেছ-বিজেপিৰ বাক-বিতণ্ডা।

ইফালে অসমত ইয়াক লৈ চৰ্চা চলি থকাৰ সময়তে যোৱা মঙলবাৰ অৰ্থাৎ ২ জুলাইত সাংসদ বৰদলৈয়ে লোকসভাৰ শূণ্যকালত অসমত অবৈধভাৱে হৈ থকা কয়লা খননৰ বিষয়টো উত্থাপন কৰে আৰু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনায়।