NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট অভিনেতা দিলীপ ৰঞ্জন দত্ত আৰু নাই, মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 5:44 pm
Assam actor Dilip Ranjan Dutta passes away

অসমৰ নাট্য জগতৰ বিশিষ্ট অভিনেতা দিলীপ ৰঞ্জন দত্ত আৰু নাই।

যোৰহাট মিছন হস্পিটেলত বুধবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে।

৫৯ বছৰীয়া অভিনেতাজন যোৱা এসপ্তাহধৰি হস্পিটেলখনত চিকিৎসাধীন হৈ আছিল।

বিশিষ্ট অভিনেতাজনৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

দত্ত প্ৰায় তিনি দশকধৰি অসমৰ বহুকেইটা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলৰ লগত জৰিত হৈ আছিল।

কহিনুৰ, ভাগ্যদেৱী আৰু মুকুন্দ থিয়েটাৰত তেওঁ অভিনয় কৰিছিল।

সাগৰলৈ বহু দূৰ, ভয় আৰু মহাৰাজা নাটকত দত্তৰ অভিনয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

দত্তৰ বিয়োগত অভিনয় জগতৰ লগত জৰিতসকলৰ লগতে তেওঁৰ অনুগামীসকলেও দুখ প্ৰকাশ কৰিছে।

“দিলীপ দত্তৰ মৃত্যু অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ বাবে অপূৰণীয় ক্ষতি,” উদীয়মান অভিনেতা ৰক্তিম দাসে কয়।