NORTHEAST NOW (Assamese)
অসম

অসমত চাৰিখনৰ ভিতৰত কংগ্ৰেছে এখনো আসন লাভ নকৰে : কামাখ্যা প্ৰসাদ তাছা

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা October 23, 2019 5:35 pm
অসমত চাৰিখনৰ ভিতৰত কংগ্ৰেছে এখনো আসন লাভ নকৰে : কামাখ্যা প্ৰসাদ তাছা

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে খ্যাত নগাঁও জিলাৰ অন্যতম সমষ্টি চামগুৰিত আজি বিজেপিয়ে ‘গান্ধী সংকল্প যাত্ৰা’ নামেৰে এক বিশাল ৰেলী বাহিৰ কৰে।

চামগুৰিৰ পৰা পুৱাৰে পৰা আৰম্ভ কৰা প্ৰায় ১৫ কিলোমিটাৰ পথ পদব্ৰজে ভ্ৰমণ তথা ‘গান্ধী সংকল্প যাত্ৰা’ত স্থানীয় কৰ্মী-সমৰ্থকক সহযোগ কৰে বিজেপিৰ নেতা কামাখ্যা প্ৰসাদ তাছা, দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে প্ৰাক্তন কংগ্ৰেছী নেতা বিভূতি ভূষণ বৰঠাকুৰে।

জাতিৰ পিতা মহাত্মা গান্ধীৰ স্বচ্ছতা আৰু অহিংসাৰ দুই নীতি-আদৰ্শক প্ৰসাৰ আৰু সৰ্বজনবিদিত কৰাৰ স্বাৰ্থ আগত ৰাখি বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশতে এই ‘গান্ধী সংকল্প যাত্ৰা’ নামৰ ৰেলী বাহিৰ কৰা হয়।

বিজেপি নেতা কামাখ্যা প্ৰসাদ তাছাই আদৰণি সভাত অসমত চাৰিখনৰ ভিতৰত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সমৰ্থ নহ’ব বুলি উল্লেখ কৰি এইবাৰ কংগ্ৰেছ সমুলঞ্চে নিশ্চিহ্ন হ’ব বুলি কয়।

ইফালে একেখন সভাতে চামগুৰি ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কেৱল Theory-তহে আছে বুলি কটাক্ষ্য কৰা দেখা গ’ল প্ৰাক্তন কংগ্ৰেছ নেতা বিভূতি ভূষণ বৰঠাকুৰে।

ইফালে ‘জাতিৰ-পিতা’ৰ নামলৈ বিগত ৭০ টা বছৰ মানুহক ঠগিলে কংগ্ৰেছে, কংগ্ৰেছে ধৰ্মৰ কানি খোৱাই মানুহক বিভাজিত কৰি ৰাখিছিল বুলি মন্তব্য কৰে বিজেপিৰ যুৱনেতা দীপ্লু ৰঞ্জন শৰ্মাই।