NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচনত বিজেপিয়ে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া দলে সিদ্ধান্ত ল’ব; প্ৰমীলাৰাণী ব্ৰহ্মক উভতি ধৰিলে মন্ত্ৰী ভৱেশ কলিতাই

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 20, 2020 4:20 pm
Bhabesh Kalita

বুধবাৰে  বিপিএফ দলৰ জেষ্ঠ নেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই আগন্তুক বিটিচি নিৰ্বাচনত মিত্ৰজোঁটৰ বিজেপি দলক চাৰিখন আসন আৰু অগপক এখন আসন এৰি দিব বুলি কৰা মন্তব্যৰ পাছতে ব্ৰহ্মক উভতি ধৰিছে বিজেপি নেতা তথা মন্ত্ৰী ভৱেশ কলিতাই।

‘‘বিটিচি নিৰ্বাচনত বিজেপিয়ে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া দলীয় নেতৃত্বই সিদ্ধান্ত ল’ব। অসমৰ মুখ্য মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,  হিমন্ত বিশ্ব শৰ্মা আছে, এই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত ল’ব,’’ প্ৰমীলৰাণী ব্ৰহ্মৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি এনেদৰে কয় মন্ত্ৰী কলিতাই।

বিপিএফৰ মিত্ৰজোঁট হলেও বিজেপিয়ে ২০১৯ বৰ্ষত সমগ্ৰ বিটিচিত নতুন সদস্য ভৰ্তিৰ দ্বাৰা দলৰ ভেটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছিল।

ইতিমধ্যে বিটিচি নিৰ্বাচনত বিজেপি দলৰ জিলা সমিতি সমূহেও বিটিচি নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত দাবী জনাই আহিছে।

এনে সময়ত কালি প্ৰমীলাৰাণী ব্ৰহ্মই বিটিচিত মাথো চাৰিখন আসন বিজেপি দলক এৰি দিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

বিজেপিৰ কুচকাৱাজৰ সময়তে প্ৰমীলাৰাণী ব্ৰহ্মই বিটিচিত বিজেপিক মাত্ৰ চাৰিখন আসন এৰি দিয়া হ’ব আৰু ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী ভৱেশ কলিতাৰ মন্তব্যই তাৎপৰ্য্য বহন কৰিছে।

‘‘বিপিএফ দলৰ সৈতে মিত্ৰতা অটুট থাকিব। বিগত লোকসভা নিৰ্বাচনত বিটিচিত থকা বিজেপি কৰ্মীয়ে প্ৰমীলাৰাণীক সহায় কৰিছিল।বিটিচি পৰিষদ গঠনত বিজেপি দলে অংশ গ্ৰহণ কৰিব আৰু পাৰ্টনাৰ হিচাপে থাকিব,’’ ভৱেশ কলিতাই লগতে কয়।