NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁৱৰ যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2023 7:45 pm

ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ এজন যুৱকক।

খবৰ অনুসৰি যুৱকজনৰ নাম ইকবাল হুছেইন। ইকবাল হুছেইন নগাঁৱৰ জাজোৰীৰ গেন্ধুৱা পথাৰৰ বাসিন্দা।

অপৰাধ অনুসন্ধান বিভাগ (চিআইডি), উৰিষ্যা আৰু জাজোৰী আৰক্ষীৰ দলে অভিযান চলাই ইকবালক আটক কৰে।

বাতৰি অনুসৰি ইকবাল পাকিস্তানী যুৱক-যুৱতীসকলৰ সৈতে জড়িত আছিল আৰু কেইবাটাও ৰাষ্ট্ৰ বিৰোধী কামত লিপ্ত হৈছিল। সম্প্ৰতি ইকবালক চিআইডি আৰু আৰক্ষীৰ দলে জেৰা অব্যাহত ৰাখিছে।

চলিত মাহৰ আৰম্ভণিতে অসম চৰকাৰে জনাইছিল যে দেশ বিৰোধী বা উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে সম্পৰ্ক থকাৰ বাবে ৰাজ্যজুৰি বিগত দুবছৰ পাঁচ মাহত নিৰাপত্তা বাহিনীয়ে ৩৯০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লিখিত প্ৰশ্নৰ উত্তৰত কয় যে ৩৯০ জন লোকক ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰে কোকৰাঝাৰৰ পৰা ৫২ জন, উদালগুৰিৰ পৰা ৪৩ জন, ডিমা হাছাওৰ পৰা ৪০ জন, বৰপেটাৰ পৰা ৩৮ জন, তিনিচুকীয়াৰ পৰা ৩০ জন আৰু বাক্সা জিলাৰ পৰা ২৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।