NORTHEAST NOW (Assamese)
অসম

বদলি কৰা হ’ল ধুবুৰীৰ বিতৰ্কিত এছ পি যুৱৰাজ সিঙক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 17, 2020 10:33 pm
বদলি কৰা হ’ল ধুবুৰীৰ বিতৰ্কিত এছ পি যুৱৰাজ সিঙক

এটা বৈদ্যুতিক মাধ্যমৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছতেই বদলি কৰা হ’ল ধুবুৰীৰ বিতৰ্কিত এছ পি যুৱৰাজ সিঙক।

সাংবাদিক শৰ্মাক গ্ৰেপ্তাৰৰ আঁৰত আৰক্ষী অধীক্ষকগৰাকী জৰিত থকা বুলি বিভিন্নজনে কৰা অভিযোগৰ পিছতেই আজি মুখ্য মন্ত্ৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

যুৱৰাজ সিঙক বদলি কৰা হৈছে অসম আৰক্ষীৰ ১ নম্বৰ বেটেলিয়নৰ কমাণ্ডেণ্ট পদলৈ।

ইফালে ধুবুৰীৰ ডি এফ অ’ বিশ্বজিৎ ৰায়কো বশিষ্ঠলৈ বদলি কৰা হৈছে।

উল্লেখ্য যে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে নিৰন্তৰে বাতৰি প্ৰচাৰ কৰিছিল ৰাজীৱ শৰ্মাই।

ইয়াৰ পাছতে ধুবুৰীৰ ডি এফ অ’ বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিত সাংবাদিক শৰ্মাক আক্ৰোশমূলকভাৱে ১৫ জুলাইৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে।

ইতিমধ্যে বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজ্যৰ বিভিন্ন জিলাৰ সাংবাদিক সন্থা সমূহে ৰাজীৱ শৰ্মাক মুক্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবীও জনাইছে।

ইফালে IPS আনন্দ মিশ্ৰক ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক আৰু P.V Trimbak ক নতুন জিলা বন বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।