NORTHEAST NOW (Assamese)
অসম

আই অ’ আৰু এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা সম্পৰ্কীয়  শুনানি পিছুৱালে

Posted by: এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী : November 22, 2017 12:45 pm

আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ দ্বাৰা গঠিত বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত গাওঁ পঞ্চায়তে দিয়া নথি গ্ৰহণযোগ্য হ’ব নে নহ’ব সেই সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰে। আনহাতে সৰ্বোচ্চ আদালতখনত আজি হ’ব লগীয়া অৰিজিনেল ইনহেবিটেণ্ট আৰু এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা সম্পৰ্কীয়  শুনানি পিছুৱাই দিয়া হৈছে। অহা ২৯ আৰু ৩০ নৱেম্বৰত এই শুনানি হ’ব বুলি জানিব পৰা গৈছে।