NORTHEAST NOW (Assamese)
অসম

লিডুত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ; প্ৰকৃত তথ্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা January 25, 2022 7:51 am
Deadbody recovered

এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটানাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। সোমবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ এগৰাকী প্ৰায় ২০বছৰীয়া যুৱতীৰ অস্বাভাৱিক অৱস্থাত মৃতদেহ উদ্ধাৰৰ পাছত সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লিডু আৰক্ষী চকীৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়া ৰহস্যজনক হৈ ৰৈছে।

প্ৰাপ্তখবৰ অনুযায়ী পুৱা প্ৰায় ৯ বজাত চবনম খাতুন (২০) নামৰ এগৰাকী যুৱতীয়ে নিজ বাসগৃহৰ পৰা প্ৰায় ৩০/৪০ মিটাৰ নিলগত অৱস্থিত তথা ক’ল ইণ্ডিয়াৰ মুক্তখনন স্থলীত প্ৰাতঃক্ৰিয়া কৰিবলৈ গৈছিল।

প্ৰায় এঘণ্টা সময় ধৰি যুৱতীগৰাকী ঘৰলৈ উভতি নহা দেখি মাতৃ আৰু ভগ্নীয়ে বিচাৰি যোৱাত যুৱতীগৰাকীক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে।

লগতে পঢ়ক: ৰৌতাৰ সৰ্বহেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই চালক, আহত আন দুজন

ইতিমধ্যে নিজ কন্যাৰ এনে অৱস্থা দেখি মাতৃগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত পৰি থকা যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও ইতিপূৰ্বে যুৱতীগৰাকীৰ মৃত্যু হৈছিল।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে মৃত যুৱতী গৰাকীৰ কপালত জোঙা অস্ত্ৰৰে খোচাৰ চিন  থকাৰ লগতে মূৰৰ সন্মুখভাগ শিলজাতীয় টান বস্তুৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছিল। ঘটনাস্থলীৰ পৰা তেজ লাগি থকা দুটা ডাঙৰ শিল উদ্ধাৰ কৰা হৈছে।

একাংশ লোকে মৃত যুৱতীগৰাকী বাঘ জাতীয়  বনৰীয়া জন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু দিনৰ ভাগত এনে ঘটনা ঘটাৰ সম্ভাৱনীয়তা প্ৰায় ক্ষীণ।

তদুপৰি, শৰীৰৰ একমাত্ৰ কপালত কৰা আঘাতলৈ চাই ই পৰিকল্পিত হত্যাকাণ্ড বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক:ফেব্ৰুৱাৰী মাহত কিমান দিন ধৰি বন্ধ থাকিব বেংক? জানক সম্পূৰ্ণ তালিকা

মনকৰিবলগীয়া যে যুৱতী গৰাকী উদ্ধাৰ হোৱা স্থানেৰে নিতৌ চোৰাং কয়লা সৰবৰাহকাৰী সকল আহ যাহ কৰে। সেই দিশলৈ চাই ঘটনাটি চোৰাং কয়লা সৰবৰাহকাৰীসকলে সংঘটিত কৰাৰ সন্দেহো নুই কৰিব নোৱাৰি।

বৰ্তমান সমগ্ৰ ঘটনাটিৰ সন্দৰ্ভত লিডু আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। চবনমৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ‌ পৰাৰ লগতে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।