NORTHEAST NOW (Assamese)

আকৌ লক্ষীপথাৰ! সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আলফাৰ শিবিৰ উৎখাত

July 26, 2018 8:44 pm · অভিক চক্ৰবৰ্তী

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ ফৰেষ্ট ডিভিজনত আজি সেনা আৰু আৰক্ষী বাহিনীৰ যুটীয়া অভিযান চলাই আলফাৰ (স্বা) এটা শিবিৰ উৎখাত কৰিছে। অভিযানকাৰী গোটটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰে।

সেনা বাহিনীৰ সূত্ৰত প্ৰকাশিত হোৱা মতে লক্ষীপথাৰ  ফৰেষ্ট ডিভিজনত দুই তিনিজন আলফা (স্বাধীন) সদস্যৰ উপস্থিতি সম্পৰ্কে চোৰাংচোৱা তথ্য লাভ কৰি সেনা বাহিনীৰ ৰাজপুতনা ৰাইফলফলছৰ ৯ম বেটেলিয়নে যোৱা নিশা এটা তালাচী অভিযান আৰম্ভ কৰে আৰু শিবিৰটো উৎখাত কৰে।

উল্লেখ্য যে সেনা বাহিনীৰ এই অভিযানটো হৈছে বিদ্ৰোহী আলফাৰ (স্বাঃ) জুলাইৰ ২৭ তাৰিখৰ চহিদ দিৱসৰ প্ৰাক মূহূৰ্তত সংগঠনটোৱে নিৰাপত্তা বাহিনীৰ ওপৰত কৰিব পৰা সাম্ভাব্য আক্ৰমণৰ এটা প্ৰতিৰোধাত্মক ব্যৱস্থা।

‘‘লক্ষীপথাৰ ফৰেষ্ট ডিভিজনত ২৪ ঘণ্টা জোৰা তালাচী অভিযান আৰু ঘেৰাওৰ পাছত সেনা বাহিনীৰ ৰাজপুতনা ৰাইফলফলছৰ ৯ম বেটেলিয়নৰ সেনাৰ গোটটোৱে নিষিদ্ধ-ঘোষিত বিদ্ৰোহী সংগঠনটোৰ এটা গোপন শিবিৰ উৎখাত কৰিবলৈ সক্ষম হয়। আলফা (স্বাঃ) সংগঠনটো উজনি অসমত অতি সক্ৰিয় অৱস্থাত আছে।’’ এগৰাকী সেনা বিষয়াই কয়।

সেনা বিষয়াগৰাকীয়ে কোৱা মতে আলফাৰ (স্বাঃ)শিবিৰটোৰ পৰা ৪টা পিষ্টল, এটা ৰিভলভাৰ, মাল্টি শ্বট গ্ৰেনেড লাঞ্চাৰৰ ২ ৰাউণ্ড গুলী, ৯ মি:মি: ৰিভলভাৰৰ ১১ ৰাউণ্ড গুলী, ২.২ মি:মি: পিষ্টলৰ ১৬ ৰাউণ্ড গুলী, একে-৪৭ ৰাইফলৰ ১ ৰাউণ্ড গুলী, এটা ৰেডিঅ’ ছেট, বেটাৰী আৰু চাৰ্জাৰ, কেইটামান মোবাইল ফোন, ১,৪৯,০০০ টকাৰ বিমুদ্ৰাকৃত টকা উদ্ধাৰ কৰা হয়।

তেওঁ আৰু কয় যে সেনা বাহিনীৰ লাইপুই ব্ৰিগেডৰ অন্তৰ্গত ৰাজপুতনা ৰাইফলফলছৰ ৯ম বেটেলিয়নৰ সেনাৰ গোটটোৱে উজনি অসমত আলফাৰ (স্বাঃ) প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কেইবাটাও সফল অভিযান সম্পন্ন কৰিছে।

তেওঁ আৰু কয় যে এই অভিযানটো উজনি অসমত সক্ৰিয় হৈ থকা বিদ্ৰোহী সংগঠনসমূহৰ চলি থকা বিপক্ষে সেনা বাহিনীৰ গুৰুত্বপূৰ্ণ অভিযানৰ এটা অংশ।

বিষয়াগৰাকীয়ে আৰু জানিবলৈ দিছে যে আলফাৰ (স্বাঃ) স্বাধীনতা দিৱস উপলক্ষে সংগঠনটোৱে সেনা বাহিনীৰ বিৰুদ্ধে কূটাঘাতমূলক কামৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে।

বিষয়াগৰাকীয়ে আৰু কৈছে যে উজনি অসমত আলফা (স্বাঃ) বিদ্ৰোহীৰ উপস্থিতি আৰু চালচলনৰ বাৰ্তা চোৰাংচোৱা সংস্থা আৰু স্থানীয় সূত্ৰসমূহে অহৰহ যোগান ধৰি আছে।

Related News