NORTHEAST NOW (Assamese)

আক্ৰমণৰ লক্ষ্য ! স্পৰ্শকাতৰ এলেকাৰ পৰা এন আৰ চিত নিয়োজিত শিক্ষকক বদলিৰ দাবী

July 17, 2018 6:46 am · এন ই নাও নিউজ

এন আৰ চিৰ কামত নিয়োজিত শিক্ষকসকল আক্ৰমণৰ বলি হোৱাৰ আশংকা ব্যক্ত কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। গাঁৱে গাঁৱে গৈ এন আৰ চিৰ কাম কৰা শিক্ষকসকল কিছুমান লোকৰ লক্ষ্য হৈ পৰিব পাৰে।

এনে আশংকাৰ পৰিপ্ৰেক্ষিতত শিক্ষক সন্মিলনীয়ে ৩০ জুলাইৰ পূৰ্বে স্পৰ্শকাতৰ এলেকাসমূহৰ পৰা এন আৰ চিৰ কামত নিয়োজিত শিক্ষকসকলক বদলিৰ দাবী তুলিছে। কিয়নো অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব।

চূড়ান্ত খচৰাৰ পৰা যিসকলৰ নাম বাদ পৰিব সেইসকলে গাঁৱে গাঁৱে গৈ এন আৰ চিৰ কাম কৰা শিক্ষকসকলক আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে। সেয়েহে এই শিক্ষকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী তুলিছে শিক্ষক সন্মিলনীয়ে।

সন্মিলন সভাপতি আৰু সম্পাদক ক্ৰমে জীৱন চন্দ্ৰ বৰা আৰু ৰাতুল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে এন আৰ চিত নাম অন্বৰ্ভুক্ত কৰা বাব নাম বাদ পৰাৰ ক্ষেত্ৰত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰা লোকসকল জড়িত বুলি এচাম দুষ্টলোকে অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে।

তেওঁলোকে কয় যে এনে কাৰণতে এন আৰ চিৰ কামত জড়িত বহু শিক্ষক শংকিত হৈ পৰিছে। সেয়েহে এই শিক্ষকসকলৰ নিৰাপত্তা চৰকাৰে নিশ্চিত কৰিব লাগে। তদুপৰি স্পৰ্শকাতৰ এলেকাত কাম কৰি থকা শিক্ষয়িত্ৰীসকলকো অহা ৩০ জুলাইৰ পূৰ্বে বদলি কৰাৰ দাবী কৰিছে সন্মিলনীয়ে।

Related News