NORTHEAST NOW (Assamese)
অসম

আগষ্টত মুকলি হ’ব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়

Posted by: এন ই নাও নিউজ May 5, 2018 10:10 pm
Mizoram Institute of Medical College & Research

আগষ্টত মুকলি হ’ব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। মিজোৰাম ইনষ্টিটিউট অৱ মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ( Mizoram Institute of Medical College & Research )ৰ সঞ্চালক এল ফিমাতেই আজি ৫ মে’ত জনোৱা অনুসৰি ভাৰতৰ মেডিকেল কাউন্সিলৰ নিয়মানুসৰি থাকিব লগা সকলো সুবিধা চিকিৎসালয়খনত আছে।

তেওঁ কয় ‘কলেজ স্থাপনৰ বাবে মেডিকেল কাউন্সিলে অনুমতি পত্ৰ প্ৰদানত অনুমোদন জনাইছে।’

ৰাজ্যখনৰ চিকিৎসক হ’ব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখি মুখ্য মন্ত্ৰী লাল থানহাওলাই এই কলেজখন স্থাপনৰ উদ্যোগ লৈছিল।

ফিমাতেই কয় ‘ইম্ফলৰ ৰিমছ ()ত মিজোৰামে প্ৰতি বছৰে ১০টাহে সংৰক্ষিত আসন পায়। সেইখন এখন কেন্দ্ৰীয় কলেজ। ভাৰতৰ আন মেডিকেল কলেজত আসন পোৱাটো মিজোৰামৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰায় অসম্ভৱ।’

প্ৰথমতে ১০০ খন আসন থাকিব লগা কলেজখনৰ ৮৫ খন আসন মিজো ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব।

উল্লেখযোগ্য যে ফিমতে প্ৰায় ৬ বছৰৰ বাবে ৰিমছৰ সঞ্চালক আছিল। ৰিমছ আৰু ইম্ফলৰ জে এন ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেজৰ ফৰেনছিক বিভাগৰ তেওঁ মু্ৰব্বী আছিল।