NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ দুঠাইত নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ : চাৰিজনক গ্ৰেপ্তাৰ

Posted by: ময়ুখ গোস্বামী May 5, 2018 10:22 pm
গুৱাহাটীৰ দুঠাইত নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ : চাৰিজনক গ্ৰেপ্তাৰ

দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই গুৱাহাটীৰ দিছপুৰ আৰু বেহাৰবাৰীৰ ভাৰাঘৰৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ লগতে চাৰিগৰাকী নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ ৪ নং শ্যামপুৰ গাঁৱৰ পৰা যোৱা ৩০ এপ্ৰিলত ১৪ বছৰীয়া দুগৰাকী কিশোৰী নিৰুদ্দেশ হৈছিল। ফলত কিশোৰী দুগৰাকী নিৰুদ্দেশ হোৱাৰ সম্পৰ্কত পৰিয়ালৰ লোকে শ্যামপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল।

ফলত আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা গোচৰৰ ভিত্তিতে কিশোৰ দুগৰাকীক উদ্ধাৰৰ বাবে চলোৱা অনুসন্ধান চলায়। আৰু পিছত আৰক্ষীয়ে নিৰুদ্দিষ্ট কিশোৰী দুগৰাকীক মানৱ সৰবৰাকাৰীৰ চক্ৰই বিয়াৰ প্ৰলোভনেৰে দিছপুৰলৈ লৈ যোৱা বুলি তথ্য লাভ কৰে।

লগে লগে আৰক্ষীয়ে এই তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা অভিযান চলাই দিচপুৰ আৰক্ষী থানাৰ অধীনৰ জুৰিপাৰ অঞ্চলৰ পৰা ৰাবিয়া খাতুন আৰু জাবেদ আলীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন যুৱক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে পুনৰ বেহাৰবাৰীত অভিযান চলাই কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই নাৰী সৰবৰাহকাৰী ইমৰাণ হুছেইন আৰু আনজুমা বেগমক আটক কৰিবলৈ সক্ষম হয়।