NORTHEAST NOW (Assamese)

আগিয়াত হাতীৰ আক্ৰমণত অকাল মৃত্যুক সাবটি হ’লে ২ জনে

December 29, 2017 11:24 am · এন ই নাও নিউজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়া গাঁওত হাতীৰ আক্ৰমণত ২ জন লোক নিহত হয়সত্ৰমতে, বুধবাৰে নিশা আগিয়া বনাঞ্চলিক কাৰ্য্যলয়ৰ অধীনস্থ কেওটপাৰাৰ খেতিপথাৰ তহিলং কৰি থকা বনৰীয়া হাতীৰ জাকটোক ৰাইজে খেদি যাওঁতে হাতীৰ জাকটোৱে ওলোটাই আক্ৰমণ কৰাত এজন লোক নিহত হয়। নিহত উলিংটন মাৰাক (৪৮)নামৰ এজন ব্যক্তি। আনহাতে,হাতীৰ জাকটোৱে আগিয়াৰ ৰায়ৰাং খেতিপথাৰেৰে আহি গোৱালপাৰা বনাঞ্চলিক প্ৰস্তাৱিত গণবিনা বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰে। এই ঘটনাৰ কিছু সময় পাছতে নিশা প্ৰায়  ৯.৩০ বজাত বনাঞ্চলৰ মাজেৰে বাপুপাৰা-দোৰাপাৰা সংযোগী পথেৰে আগিয়া বজাৰ অভিমুখে আহি থাকোতে বাপুপাৰা গাঁৱৰ ডিম্বেশ্বৰ নাথৰ ২২ বছৰীয়া পুত্ৰ অৰুণ জ্যোতি নাথ হাতীৰ মুখামুখি হোৱাত মটৰ চাইকেল খন পেলাই পলায়নৰ চেষ্টা কৰোতে হাতীয়ে আক্ৰমণ চলোৱাত যুৱকজন থিতাতে নিহত হয়। স্থানীয় ৰাইজে বন-বিভাগৰ লোকক খবৰ দিয়ে যদিও প্ৰায় আঢ়ৈ ঘণ্টা পিছততে বন-বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। ইয়াক লৈ অঞ্চলটোৰ ৰাইজ বন বিভাগৰ ওপৰত ক্ষুদ্ধ হৈ পৰে।  বন-বিভাগৰ লোকে শূণ্যলৈ গুলি ফুটাই হাতীৰ জাকটোক খেদি পঠাবলৈ  অৰণ্যৰ মাজলৈ খেদি পঠাব সক্ষম হয়। হাতীৰ জাকটোৱে বনাঞ্চলত প্ৰৱেশ কৰাৰ পিছত বাপুপাৰা গাঁৱৰ ৰাইজে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বন-বিভাগৰ ওপৰত ক্ষুব্ধ ৰাইজে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াত বাধা প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তোলে।

 

Related News