NORTHEAST NOW (Assamese)

আগৰতলাত আটক ২৪ বাংলাদেশী নাগৰিক : ভাৰতৰ বিভিন্ন মাদ্ৰাছাত কৰি আছিল অধ্যয়ন

May 11, 2018 12:22 pm · পিনাকী দাস
Updated: May 11, 2018 1:23 pm
বৃহস্পতিবাৰে আগৰতলা ৰে’ল ষ্টেশ্যনৰ পৰা ত্ৰিপুৰা আৰক্ষীৰ মোবাইল টাস্ক ফোৰ্চে ২৪ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ফটো : পিনাকি দাস

বৃহস্পতিবাৰে ত্ৰিপুৰাৰৰ আগৰতলা ৰে’ল ষ্টেশ্যনত ত্ৰিপুৰা আৰক্ষীয়ে ২৪জন  বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত বাংলাদেশী কেইজন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে।

ত্ৰিপুৰা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ধৃত লোককেইজনৰ পৰা ভুৱা আধাৰ কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।  পশ্চিমবংগ, উত্তৰপ্ৰদেশ আৰু তামিলনাডুৰ পৰা এই আধাৰ কাৰ্ডসমূহ অনা হৈছিল।

আৰক্ষীৰ পৰ্যবেক্ষণত আধাৰ কাৰ্ডসমূহ ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।

ধৃত বাংলাদেশী কেইজনক জেৰা কৰাৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটি দল শুকুৰবাৰে গুৱাহাটীৰ পৰা আগৰতলালৈ ৰাওনা হয়।

জানিব পৰা মতে,  আটক কৰা বাংলাদেশী কেইজনে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছযোগে দিল্লীৰ পৰা আগৰতলাত আহি ৰাতিপুৱা উপস্থিত হোৱাৰ পিছতে সন্দেহৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে তালাচী চলায় আৰু বাংলাদেশী কেইজনক আটক কৰিবলৈ সক্ষম হয়।

উক্ত বাংলাদেশী লোককেইজনে ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে বাংলাদেশত প্ৰৱেশৰ বাবে আহিছিল। ধৃত বাংলাদেশী কেইজনে ভাৰতলৈ ভ্ৰমণৰ বাবে অহাৰ কোনো বাংলাদেশৰ নথি দেখুৱাব নোৱাৰিলে।

উক্ত বাংলাদেশী নাগৰিক কেইজনে উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু তামিলনাডুৰ বিভিন্ন মাদ্ৰাছাত অধ্যয়ন কৰি আছিল। পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল।

ত্ৰিপুৰা আৰক্ষীৰ মোবাইল টাস্ক ফোৰ্চৰ দলে তেওঁলোকক জেৰা কৰাৰ অন্তত ৰে’ল আৰক্ষীক গটাই দিয়ে।

Related News