NORTHEAST NOW (Assamese)

আজাৰাত আয়োজিত অৰ্ধ মাৰাথনত চাৰিশতকৈও অধিক খেলুৱৈৰ অংশগ্ৰহণ

January 20, 2018 11:08 am · এন ই নাও নিউজ

গিৰিজানন্দ গ্ৰুপ অৱ ইনষ্টিটিউটৰ বাৰ্ষিক অনুষ্ঠান “ইউফিউজ্ম” উপলক্ষে ২০ জানুৱাৰী ২০১৮ শণিবাৰে অৰ্ধ মাৰাথনৰ আয়োজন কৰা হয়। জি আই এম টিৰ আজাৰাস্থিত চৌহদৰ পৰা গোপীনাথ বৰদলৈ বিমান বন্দৰ, বৰঝাৰলৈ উলিওৱা হয় এই অৰ্ধ মাৰাথন।  প্ৰতিষ্ঠানটোৱে “ইউন’নিয়া”ক  এক উদ্দেশ্য হিচাপে লৈ এই মাৰাথানৰ আয়োজন কৰি  আহিছে। ইয়াৰ অন্তৰ্নিহিত অৰ্থ হ’ল এখন সুন্দৰ পৃথিৱী গঢ়া। ইয়াৰ উপৰি যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰি এখন সুস্থ সবল সমাজ গঢ়াৰ মানসেৰে এই অৰ্ধ মাৰাথনৰ আয়োজন কৰা হোৱা বুলি আয়োজকৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা অৰ্ধ মাৰাথানৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাস আৰু প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুঁজাৰু তথা গুজৰাট ওৱেৰিয়ৰৰ অধিনায়ক ভৱজিৎ চৌধুৰীয়ে । সমগ্ৰ উত্তৰ পূবৰ চাৰিশতকৈও অধিক ভিন্ন বয়সৰ আগ্ৰহী খেলুৱৈয়ে এই  অৰ্ধ মাৰাথনত অংশগ্ৰহণ কৰে আৰু জি আই এম টিয়ে লোৱা কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে ।

Related News