NORTHEAST NOW (Assamese)

আজি কোকৰাঝাৰ আৰু বাগসা জিলাৰ মাজত অনুষ্ঠিত হ’ব চীফ মিনিষ্টাৰ্ছ টি-ট্ৰাইবছ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল

February 21, 2018 8:27 am · এন ই নাও নিউজ

অসমৰ চাহ জনগোষ্ঠীয় যুৱকসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ মানসেৰে চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত চীফ মিনিষ্টাৰ্ছ টি-ট্ৰাইবছ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব বাগসা আৰু কোকৰাঝাৰ জিলাৰ মাজত।

মঙলবাৰে ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম আৰু দ্বিতীয় ছেমিফাইনেল খেল দুখন চিৰাং জিলাৰ চিদলীৰ চম্পা বজাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। প্ৰথম ছেমিফাইনেলখন বাগসা আৰু ওদালগুৰি জিলাৰ মাজত আৰু দ্বিতীয় ছেমিফাইনেলখন অনুষ্ঠিত হয় কোকৰাঝাৰ আৰু  চিৰাং জিলাৰ মাজত।

প্ৰথম ছেমিফাইনেল মেচত বাগসা জিলাই ওদালগুৰি জিলাক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত খেললৈ অগ্ৰসৰ হয়। বাগসা জিলাৰ হৈ ২৪ মিণিটত একমাত্ৰ গ’লটো কৰে গুডউইন বান্ধোই।

আনহাতে দ্বিতীয়খন ছেমিফাইনেলত কোকৰাঝাৰে চিৰাং জিলাক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে। কোকৰাঝাৰৰ হৈ একমাত্ৰ বিজয়সূচক গ’লটো ২০ মিণিটত প্ৰদান কৰে দিলীপ মুৰ্মুই।

স্মৰ্তব্য যে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন চিৰাং জিলাৰ চিদলীৰ চম্পা বজাৰ ৰাজহুৱা খেলপথাৰতে আজি কোকৰাঝাৰ আৰু বাগসা দলৰ মাজত অনুষ্ঠিত হ’ব।

মঙলবাৰে অনুষ্ঠিত হোৱা ছেমিফাইনেল মেচ দুখনৰ সময়ত বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, ক্ৰীড়া বিভাগৰ মুৰব্বী বিষয়া যজ্ঞাৱতী বসুমতাৰী, চিৰাং জিলা ক্ৰীড়া বিষয়ী দশৰথ ব্ৰহ্ম প্ৰমুখ্যে চাহ জনগোষ্ঠী সংগঠনৰ নেতা উপস্থিত থাকে।

Related News