NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

আজি বিশ্ব এইডছ দিৱস : শৰীৰত এইচ্ছ আই ভিৰ বীজাণু কঢ়িয়ায়ো বিশ্ব জিনিছে মণিপুৰৰ প্ৰদীপ কুমাৰ সিঙে

Posted by: এন ই নাও নিউজ ব্যুৰো: December 1, 2017 1:38 pm
আজি বিশ্ব এইডছ দিৱস : শৰীৰত এইচ্ছ আই ভিৰ বীজাণু কঢ়িয়ায়ো বিশ্ব জিনিছে মণিপুৰৰ প্ৰদীপ কুমাৰ সিঙে

আজি বিশ্ব এইডছ দিৱস। এইচ্ছ আই ভিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লক্ষ্যৰ লগতে এইচ্ছ আই ভিত আক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা তথা সমৰ্থন আগ বঢ়োৱাৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা বিশ্ব এইডছ দিৱস উদযাপন কৰি অহা হৈছে। মানৱ সমাজত ত্ৰাসৰ প্ৰতীক হৈ পৰা এইচ্ছ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বত প্ৰায় ৩৭ মিলিয়ন হ’ব। আনহাতে প্ৰায় সম সংখ্যক লোকৰ মৃত্যু হৈছে এইচ্ছ আই ভিত আক্ৰান্ত হৈ। তথ্যমতে কেৱল ইংলেণ্ডতে আছে এক লাখতকৈ অধিক আক্ৰান্ত লোক। তথ্যমতে এইচ্ছ আই ভিয়ে হ’ল মানৱ ইতিহাসত আটাইতকৈ ডাঙৰ ঘাতক ৰোগ। গতিকে ইয়াৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ অভিযান সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্য্যসূচীৰে কৰা হয়। কিন্তু আশাৰ বতৰা যে এইচ্ছ আই ভিত আক্ৰান্ত হৈয়ো মানুহে এটা স্বাভাৱিক জীৱন যাপন কৰাৰ কিছুমান দৃষ্টান্ত স্থাপন কৰিছে কিছুমান দৃঢ় মনোবলৰ গৰাকীয়ে। কেৱল জীৱন যাপনেই নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সফলতাও দেখুৱাইছে।  মেজিক জনছনৰ দৰে বিখ্যাত বাস্কেটবল খেলুৱৈ, (যিজনে অৱশ্যে এইচ্ছ আই ভি পজিটিভ বুলি গম পোৱাৰ পিছত খেল এৰি দিছিল), হলি জনছনৰ দৰে বিখ্যাত গায়কো তাৰ মাজত আছে। এই প্ৰসংগত আমাৰ তেনেই ওচৰৰ ৰাজ্য মণিপুৰৰ প্ৰদীপ কুমাৰো এক বিৰল দৃষ্টান্ত। কিয়নো প্ৰদীপ কুমাৰে শৰীৰত এইচ্ছ আই ভিৰ বীজাণু লৈয়ে ২০০৬ চনত মি. মণিপুৰৰ খিতাপ জিকে। তাতকৈ চমৎকাৰ সৃষ্টি কৰি তেওঁ ২০১২ চনত বিশ্ব ব’ডি বিল্ডিঙত ব্ৰঞ্জৰ পদক জিনে।

Apply Now

এক সাক্ষাৎকাৰত প্ৰদীপ কুমাৰে কোৱা মতে তেওঁৰ শৰীৰত এইচ্ছ আই ভিৰ বীজাণু থকাৰ কথা গম পায় ২০০০ চনত। কৈশোৰত তেওঁ ড্ৰাগছ আসক্তিত ভুগিছিল আৰু ব্যৱহৃত ছিৰিঞ্জ ব্যৱহাৰৰ জৰিয়তে তেওঁৰ গালৈ এই বীজাণু বিয়পিছলি। যেতিয়া তেওঁ প্ৰথম নিজকে এইচ্ছ আই ভি পজিটিভ বুলি গম পায়, চকুলোৰে দুগাল ভৰি গৈছিল। তেওঁ ভাবিছিল খুব বেছি এক বা দুই সপ্তাহ তেওঁ জীয়াই থাকিব। লগ-বন্ধুৱে তেওঁৰ সংগ ত্যাগ কৰিছিল। কিন্তু তেওঁ লাহে লাহে এই দুৰ্ভাগ্যক হজম কৰিবলৈ শিকি পেলাইছিল। তেওঁ নিজৰ ইমমিউনিটি (শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা) বৃদ্ধি কৰাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। আৰু সিদ্ধান্ত ল’লে যে তেওঁ ব’ডি বিল্ডিং কৰিব। এয়াই আছিল এটা বিস্ময়কৰ সফলতাৰ আৰম্ভণি বিন্দু। তেওঁ জিমত ক্ৰমে কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰিবলৈ ধৰিলে, লগতে বৰ্তাই ৰাখিলে দৃঢ় মনোবল। ইয়াৰে পৰিণাম স্বৰূপে তেওঁ ২০০৬ চনত প্ৰথমবাৰৰ বাবে ব’ডি বিল্ডাৰ হিচাপে ৰাজহুৱাকৈ ভূমুকি মাৰিলে মি. মণিপুৰ প্ৰতিযোগিতাত। তাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। লাহে লাহে তেওঁ নিজৰ বিষয়ে ৰাজহুৱা কৰিবলৈ ধৰিলে। তেওঁ এই কথা দৃঢ়তাৰে প্ৰমাণ কৰিব বিচাৰিলে যে এইচ্ছ আই ভি পজিটিভ হৈয়ো এটা স্বাভাৱিক জীৱন কটাব পাৰি। ২০১২ চনত তেওঁ মি. দক্ষিণ এছিয়া খিতাপ জিকে আৰু একে বছৰতে মি. ৱ’ৰ্ল্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পায়। এইদৰেই লাহে লাহে তেওঁ মণিপুৰৰ এক কিংবদন্তি ব্যক্তিত পৰিণত হ’ল। তেওঁ আজি কেৱল মণিপুৰৰে নহয়, বিশ্বৰ সকলো এইচ্ছ আই ভিত আক্ৰান্ত লোকৰ বাবে এক আদৰ্শ। তেওঁ এইচ্ছ আই ভিত আক্ৰান্তসকললৈ বাৰ্তা দি কয় যে আক্ৰান্ত হোৱাৰ বাবে নিজকে অভিশাপ দি নহয়, সাহস আৰু সুস্থতাৰ সৈতে জীয়াই থাকিবলৈ মনোবল গোটাওক।

← Previousফেচবুকৰ বন্ধু বিচাৰি দিল্লীলৈ গৈ নিৰুদ্দেশ অৰুণাচলৰ যুৱতী Next →শিলচৰত তিনিজন নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ

You may also like

অসম

সৌৰজগতৰ বিস্ময়! পৃথিৱীৰ অতি ওচৰৰে আজি তীব্ৰ গতিৰে পাৰ হৈ যাব এটা বৃহৎ গ্ৰহাণু

সৌৰজগতৰ বৃহত্তম গ্ৰহাণুটো প্ৰতি ঘন্টাত ৭৭০০০মাইল গতিত দেওবাৰে পৃথিৱীৰ অতি ওচৰেৰে পাৰ হৈ যাব। দক্ষিণ আকাশেৰে অতি তীব্ৰ বেগেৰ পাৰ হৈ যোৱাৰ…

এন ই নাও নিউজ · March 21, 2021 10:22 am
অসম

দেশৰ ১৮ খন ৰাজ্যত পোৱা গৈছে কোভিডৰ নতুন প্ৰজাতি ,২৪ ঘণ্টাত মৃত্যু ২৭৫ গৰাকীৰ

দেশত ক’ৰ’ণাৰ ছবি খন পুনৰ ভয়াৱহ হৈ পৰিছে।প্ৰায় চাৰি মাহৰ পিছত দেশত এতিয়া প্ৰতিদিনে ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৫০ হাজাৰৰ ওচৰা-ওচৰি হ’বলৈ…

এন ই নাও নিউজ · March 24, 2021 3:34 pm
Popular Stories

কাচাৰত গণপ্ৰহাৰত দুই সন্দেহযুক্ত বিদ্ৰোহী গোটৰ সদস্যৰ মৃত্যু

সদৌ অসম বাঙালী যুৱ ছা্ত্ৰ ফেডাৰেশ্বনে আজি দিয়া অসম বন্ধৰ মাজতে কাচাৰ জিলাৰ হৰিনগৰত দুগৰাকী সন্দেহযুক্ত বিদ্ৰোহী গোটৰ সদস্য স্থানীয় লোকৰ গণপ্ৰহাৰত…

অপর্ণা লস্কৰ · November 3, 2018 10:41 pm
অসম

দুধনৈত গাত জুই লগাই ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা ১৬ বছৰীয়া কিশোৰৰ

গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত উপৰ কৰকশী গাঁৱত ১৬ বছৰীয়া এজন কিশোৰে প্ৰথমে গাত জুই লগাই পিছত এখন দ্ৰুত বেগী ৰে’লৰ…

নীলমণি শৰ্মা · November 13, 2018 10:38 pm
NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese) © 2026