NORTHEAST NOW (Assamese)

আজি সংবিধান দিৱস

November 26, 2017 7:55 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

আজি সংবিধান দিৱস। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন Constituent Assembly of India ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ সোঁৱৰণত এই দিৱসটো পালন কৰা হয়। ২০১৫ চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস বা constitution day হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নম্বৱেৰত গ্ৰহণ কৰাৰ দুমাহৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ পৰা ইয়াক কাৰ্য্যকৰী কৰা হয়।

আনহাতে আজিৰ এটা টুইটত পূব গুৱাহাটী বিধান সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবিধান দিৱসত ড০ বাবাচাহেব আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধা জনোৱা বুলি কয়, যিজনে আধুনিক ভাৰত নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

Related News