NORTHEAST NOW (Assamese)

আজি সম্পন্ন হয় গোবিন্দ চন্দ্ৰ লাংঠাচাৰ শ্ৰাদ্ধ অনুষ্ঠান: উপস্থিত থাকে কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মী

March 12, 2018 6:12 pm · পংকজ কুমাৰ দেব

‘গোবিন্দ চন্দ্ৰ লাংঠাচাৰ  মৃত্যুৱে  ডিমা হাচাও ৰাজনীতিৰ এটা যুগৰ অৱসান ঘটালে’। আজি লাংঠাচাৰ শ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী খৰছিঙ ইংতিয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়।

উল্লেখ্য যে চলিত বছৰৰ ৩ ফেব্ৰুৱাৰি তাৰিখে মৃত্যু হোৱা অসমৰ প্ৰাক্তন মন্ত্ৰী  তথা ডিমা হাচাও কংগ্ৰেছৰ অভিভাৱক স্বৰূপ গোবিন্দ চন্দ্ৰ লাংঠাচাৰ আজি শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন হয় হাফলংৰ ডিছগাঁও ৰাজি বাসভৱনত।

শ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছ নেতা খৰছিঙ ইংতি, প্ৰদেশ কংগ্ৰেছ সচিব ৰমন বৰুৱাৰ লগতে  দলৰ নেতা-কৰ্মী।

খৰছিঙ ইংতিয়ে তেওঁৰ মন্তব্যত কয় যে লাংঠাচাৰ মৃত্যুত ডিমা হাচাওৰ লগতে ৰাজ্য জুৰি কংগ্ৰেছ দলৰ বাবে এক ডাঙৰ ক্ষতি। কাৰণ তেওঁৰ ছত্ৰছায়াতে ডিমা হাচাও জিলা আগবাঢ়ি গৈছিল। লগতে প্ৰয়াত নেতাগৰাকীয়ে পাৰ্বত্য ৰাজনীতিৰ কাৰনে বহুতো ত্যাগ কৰিব লগা হোৱা বুলিও কয়।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সচিব ৰমন বৰুৱায়ো লাংঠাচাৰ মৃত্যু কংগ্ৰেছ দলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। লগতে প্ৰাক্তন চি ই এম দেবজিত থাউচেনেও লাঙঠাচাৰ মৃত্যু পাৰ্বত্য জিলাৰ ৰাজনৈতিক তথা সামাজিক জীৱনৰ ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি আজিৰ এই অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেব’লাল গাৰ্লচাৰ লগতে প্ৰাক্তন চি ই এম দেবজিত থাউচেন, পৰিষদৰ ই এম কুলেন্দ্ৰ  দাউলাগুপু, জিলাৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ লগতে বিজেপি তথা অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

Related News