NORTHEAST NOW (Assamese)
অসম

আটাল লক্ষীপথাৰ গাৱঁত ভয়ংকৰ অগ্নিকাণ্ডই গ্ৰাস কৰিলে বাসগৃহ

Posted by: দেৱজিৎ গগৈ January 24, 2018 11:54 am

ঘৰত শিশুৱে হাতত চাকি লৈ কাপোৰ বিচাৰি ফুৰোতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি সমগ্ৰ ঘৰটোৱেই ভস্মীভূত হোৱাৰ ঘটনা ঘটিছে চৰাইদেউ জিলাৰ সাপেখাতী থানাৰ অন্তৰ্গত আটাল লক্ষীপথাৰ গাৱঁত। জানিব পৰামতে গাওঁখনৰ নিৱাসী গুনীন লাহনৰ বাসগৃহত কালি সন্ধিয়া ৫.৩০ মান এই ঘটনাটো ঘটে। অগ্নিকাণ্ডৰ ফলত তেওঁৰ বাসগৃহটো সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।

সূত্ৰটোৱে জনোৱা মতে ঘৰত মাক-বাপেকৰ নথকা অৱস্থাত সৰু ল’ৰাটোৱে হাতত চাকি লৈ গৰম কাপোৰ বিচাৰিছিল। আৰু তেনেকুৱাতে অসাৱধানতাৱশতঃ আঠুৱাত চাকিটোৰ পৰা জুই লাগে। সেই জুয়েই পিছত সমগ্ৰ ঘৰটো আগুৰি ধৰে। অৱশ্যে এই অগ্নিকাণ্ডত কথমপি সেই কণমানিটো ৰক্ষা পৰে।

ঘৰৰ গৃহস্থই জানিবলৈ দিয়া মতে ঘৰৰ ভিতৰত থকা সকলো বস্তু-বাহানি তথা নথি-পত্ৰৰ লগতে বন্ধন বেংকৰ পৰা ঋণ লোৱা ত্ৰিচ হাজাৰ(৩০,০০০) টকা আৰু প্ৰায় পাঁচ লাখৰো অধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।

স্থানীয় ৰাইজ তথা ঘৰৰ গৃহস্থই পানী ঢালি জুই নুমুওৱাৰ চেষ্টা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হয়।

আনহাতে স্থানীয় ৰাইজে জনোৱা মতে সেই অঞ্চলটোত বৰ্তমান সময়লৈকে অগ্নি নিৰ্বাপক বাহিনীৰ কোনো ব্যৱস্থা নাই তথা অগ্নি নিৰ্বাপক গাড়ী আহিব পৰাকৈ ৰাস্তা-ঘাটৰ অৱস্থাও উন্নত নহয়।