NORTHEAST NOW (Assamese)

আদানীৰ বিৰুদ্ধে কি প্ৰমাণ আছে? : বিত্তীয় কেলেংকাৰীৰ গোচৰ সম্পৰ্কত সৰ্বোচ্চ ন্যয়ালয়ৰ প্ৰশ্ন

November 24, 2023 9:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 25, 2023 8:25 am

আজি গৌতম আদানীৰ এক বিত্তীয় কেলেংকাৰীৰ অভিযোগৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ত ‘আদানীৰ বিৰুদ্ধে কিবা প্ৰমাণ আছে নেকি?’ বুলি আবেদনকাৰীক প্ৰশ্ন উত্থাপন কৰে। 

আবেদনকাৰীৰ পক্ষৰ হৈ যুক্তই আগবঢ়োৱা অধিবক্তা প্ৰশান্ত ভূষণক এইদৰে প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

কেৱল এয়াই নহয়, দুজন বিদেশী ব্যৱসায়ীৰ সৈতে আদানীয়ে  কেলেংকাৰী সংঘটিত কৰা বুলি যিটো অনুসন্ধানকাৰী সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰিছিল, সেই সংস্থাটোক অৰ্থাৎ অৰ্গেনাইজড ক্ৰাইম এণ্ড কৰ্পচন ৰিপ’ৰ্টিং প্ৰজেক্টক বিদেশৰ কোটিপতি  জৰ্জ ছ’ৰ’ছৰ পুঁজিৰে চলি থকা সংস্থা বুলিও অভিহিত কৰে।

“আমি কিয় বিদেশী প্ৰতিবেদনক সত্য বুলি ল’ব লাগিব? আমি প্ৰতিবেদন নাকচ কৰা নাই, কিন্তু আমাক প্ৰমাণৰ প্ৰয়োজন। গতিকে আদানী গোটৰ বিৰুদ্ধে আপোনাৰ হাতত কি প্ৰমাণ আছে?” ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে এই কথা আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণক জনায়।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুদে কয় যে এটা বেচৰকাৰী প্ৰকাশনৰ প্ৰতিবেদনক সত্য বুলি গণ্য কৰিব নোৱাৰি।

লগতে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (ছেবি)ৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত কয় যে, “আমি এনে প্ৰতিবেদনৰ ওপৰত কাম কৰিলে আমাৰ সংস্থাসমূহে কি কৰিব? বিদেশী প্ৰতিবেদনৰ দ্বাৰা ভাৰতীয় নীতিক প্ৰভাৱিত কৰাৰ নতুন ধাৰা দেখা গৈছে।”

উল্লেখ্য যে মে’ মাহত উচ্চতম ন্যায়ালয়ত ছেবিয়ে এটা প্ৰতিবেদনত আদানী গোটক ক্লিন চিট দিছিল। ইয়াত কোৱা হৈছিল যে ছেবিৰ ফালৰ পৰা কোনো নিয়ন্ত্ৰণমূলক ব্যৰ্থতা হোৱা নাই, আৰু আদানি গ্ৰুপৰ ফালৰ পৰা কোনো ধৰণৰ টকাৰ হেতালি খেলা হোৱা নাই।

Related News