NORTHEAST NOW (Assamese)

আধাৰ কাৰ্ড প্ৰস্তুতি সম্পৰ্কত বৈঠক অনুষ্ঠিত কৰিলে মহানগৰ জিলা উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মাই

February 13, 2018 8:43 am · এন ই নাও নিউজ
Updated: February 13, 2018 11:27 am

আধাৰ কাৰ্ড প্ৰ-পত্ৰ সংগ্ৰহৰ নামত গুৱাহাটী মহানগৰীৰ বিভিন্ন লোকে হাৰাসাস্তিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। সেয়েহে সোমবাৰে কামৰূপ মহানগৰ জিলা আধাৰ কাৰ্ড ৰূপায়ন সমিতিৰ এখন সভা অনুষ্ঠিত হয়। মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত তথা আধাৰ ৰূপায়ণ সমিতিৰ সদস্য-সচিব বৰ্ণালী শৰ্মাই।

সভাখনত উন্নয়ন আয়ুক্তগৰাকীয়ে মহানগৰত আধাৰ ৰূপায়ন প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে সকলোকে আহ্বান জনায়। জিলাখনত আধাৰ প্ৰস্তুতিৰ বাবে মুঠ ৪২ টা কেন্দ্ৰৰ ২২ টা গাঁও পঞ্চায়তসমূহত আৰু ২০ টা কেন্দ্ৰ মহানগৰৰী বিভিন্ন স্থানত স্থাপন কৰিব বুলি জনায়।

উক্ত সভাতে মহানগৰীৰ সকলো সুবিধা থকা চৰকাৰী কাৰ্যালয়ত ৪০ বৰ্গ ফুটৰ একোটা গৃহ চিনাক্ত কৰিবলৈ গড়কাপ্তানি সংমণ্ডল ১ আৰু ২ ক দায়িত্ব অৰ্পণ কৰে উন্নয়ন আয়ুক্তগৰাকীয়ে। সম্প্ৰতি ৬ টা বেংকত চলি থকা আধাৰ ৰূপায়ন কাৰ্য ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে আৰু বেংক বিষয়া সকলক আধাৰ প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰিবলৈ উন্নয়ন আয়ুক্তই নিৰ্দেশ দিয়ে।

আধাৰ প্ৰস্তুত সন্দৰ্ভত এল ডি এমৰ জৰিয়তে বেংকসমূহৰ অসুবিধাসমূহ কি আৰু কিমান আধাৰ প্ৰস্তুত হ’ল আদি জিলা প্ৰশাসনক জনাবলৈ নিৰ্দেশ দিয়ে।

সোমবাৰে অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত(প্ৰশাসন) ব্ৰজেনজিৎ সিংহ, জিলা পৰিষদৰ মুখ্য কাৰ্যকৰী বিষয়া ৰমেন মালাকৰ, লিড বেংক মেনেজাৰ এ গাংগুলী, জেষ্ঠ পৰিকল্পনা বিষয়া জি এন শৰ্মাৰ লগতে বিভিন্ন বেংকৰ বিষয়াসকল।

উল্লেখ্য যে জিলা উন্নয়ন আয়ুক্তই এনে ধৰণৰ পৰ্যালোচনা বেংক সমূহৰ লগত প্ৰতি সপ্তাহে অনুষ্ঠিত কৰিব বুলিও জনায়।

Related News