NORTHEAST NOW (Assamese)
মণিপুৰ

আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বিজয়ী দলক সম্বৰ্ধনা মণিপুৰ বিশ্ববিদ্যালয়ৰ

Posted by: সভাপতি চামম February 7, 2018 8:10 pm
Manipur University Cultural Team

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৩ সংখ্যক পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা ‘মণিপুৰ বিশ্ববিদ্যালয় সাংস্কৃতিক দল’ক বুধবাৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক আদ্য প্ৰসাদ পাণ্ডে আৰু ছাত্ৰ কল্যানৰ অধ্যক্ষ অধ্যাপক খ থ’মবা ক্ৰমে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

উক্ত মহোৎসৱটোত মণিপুৰ বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল। মণিপুৰ বিশ্ববিদ্যালয় সাংস্কৃতিক দলে নৃত্যত বিজয়ী হোৱাৰ উপৰি সাংস্কৃতিক শোভাযাত্ৰাত দ্বিতীয়, চাৰু কলাত দ্বিতীয় ৰানাৰ্চ আপ আৰু যুৱ মহোৎসৱটোৰ তৃতীয় ৰানাৰ্চ আপৰ সন্মান অৰ্জন কৰে।

সম্বৰ্ধনা অনুষ্ঠানটোক সম্বোধন কৰি  উপাচাৰ্য প্ৰসাদে কয়, ‘সকলো ক্ষেত্ৰতে সন্মান তথা সাফল্য আনিবলৈ সক্ষম হোৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষ হিচাপে গৌৰৱ অনুভৱ কৰিছে। এয়া মোৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবেই এটি ডাঙৰ মূহুৰ্ত।’

সম্বৰ্ধনা অনুষ্ঠানত মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰকট্যাৰ সুমিত্ৰা ফানজাউবাম, জন সংযোগ বিষয়া গণেশ ছেথিকে ধৰি সকলো বিলাক দলৰ সদস্য, দল পৰিচালক আৰু অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।