NORTHEAST NOW (Assamese)

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত অসম কন্যা আকাংক্ষা কাশ্যপৰ চিত্র

August 10, 2018 1:12 pm · মিণ্টু দাস

ইউনেস্কোই কাজাকিস্তানৰ আলমাটীত আয়োজন কৰা আন্তৰ্জাতিক চিত্রকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে অসম কন্যা আকাংক্ষা কাশ্যপৰ অঁকা ছবি। ইউনেস্কোৰ  ‘আস্থানা -দ্যা চিটি অৱ পীচ্ ‘ শীৰ্ষক বিষয়টিৰ ওপৰত বিশ্বৰ বহুকেইখন দেশৰ বাৰৰ পৰা সোতৰ বছৰ বয়সৰ ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীয়ে অংশ গ্ৰহণ কৰিছিল।

এই চিত্র প্ৰদৰ্শনীত নতুন দিল্লীৰ ইউনেস্কো ক্লাৱ এন্ড এছোচিয়েশন অৱ ইন্ডিয়া (CUCAI)ই ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীৰ মাজৰ পৰা অসম কন্যা বাৰ বছৰীয়া আকাংক্ষাই অঁকা চিত্র আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে বাছনি কৰে।

নগাঁৱৰ জ্যোতি চিত্রাংকন বিদ্যালয়ৰ ছাত্রী আকাংক্ষা কাশ্যপ নগাঁৱৰ ছয় আলিৰ ৰত্নপুৰ নিবাসী দিপু শইকীয়া আৰু বাবী শইকীয়াৰ কন্যা।

আজি কাজাকিস্তানৰ নেশ্যনেল ফাউণ্ডেশ্যন অৱ ইউনেস্কোৰ পৰা মানপত্র লাভ কৰাৰ পিছতে গৌৰৱ কঢ়িয়াই অনাৰ বাবে কণমানি শিশু শিল্পীগৰাকীক নগাঁৱৰ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে।

Related News