NORTHEAST NOW (Assamese)
অসম

আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিষিদ্ধ কৰিব খোজাক লৈ বিজেপি চৰকাৰক সমালোচনা তৰুণ গগৈৰ

Posted by: কল্পজ্যোতি শইকীয়া June 22, 2018 10:11 pm
আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিষিদ্ধ কৰিব খোজাক লৈ বিজেপি চৰকাৰক সমালোচনা তৰুণ গগৈৰ

বিজেপি চৰকাৰে আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিষিদ্ধ কৰিব খোজা সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘বিজেপি চৰকাৰে ভয়তে’ এই কাম কৰিব খুজিছে বুলি ২১ জুনত এক সংবাদমেলত মন্তব্য কৰিছে গগৈয়ে।

‘কংগ্ৰেছৰ দিনটো ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন কৰিছিল, আমিটো বন্ধ কৰা নাছিলো,’ গগৈৰ দাবী।

বিজেপিৰ নেতাসকলক ‘ছাত্ৰ অৱস্থাৰ পৰা আন্দোলন কৰি কৰিয়েই নেতা হ’ল’ বুলি উল্লেখ কৰি গগৈয়ে ‘এতিয়া তেওঁলোকেই আন্দোলন কৰিব নোৱাৰে বুলি নিৰ্দেশ দিছে’ বুলি কটাক্ষ কৰে।

সোণোৱাল চৰকাৰৰ এই ভূমিকাক ‘স্বৈৰাচাৰী’ বুলি সমালোচনা কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় ‘গণতান্ত্ৰিক দেশত আন্দোলন কৰাটো মই বেয়া বুলি নাভাবো। আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে।’