NORTHEAST NOW (Assamese)
অসম

আনৰ লিগেচী ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ৰহাৰ দুটা পৰিয়াল

Posted by: এন ই নাও নিউজ April 10, 2018 8:01 am
NRC

অসমত চলি থকা এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণত পোহৰলৈ আহিছে এটাৰ পাছত আন এটা ভয়ংকৰ জালিয়াতি। আনৰ লিগেচী ব্যৱহাৰ কৰি আৰক্ষীৰ জালত দুটাকৈ পৰিয়াল। ৰহাৰ বাৰপূজীয়া উন্নয়ন খণ্ডত বংশবৃক্ষ পৰীক্ষণৰ সময়ত পোহৰলৈ আহিছে এই তথ্য।

মৰিগাঁও জিলাৰ পকৰীয়া কৰৈগুৰিৰ শুকুৰ আলী নামৰ লোকজনৰ পৰিয়ালে লাহৰীয়াটৰ বোকানি মৌজাৰ গৰিয়াগাঁৱৰ আব্দুল জব্বৰৰ ২৭০০০০৮০৯৪৯ নম্বৰৰ লিগেচীখন ব্যৱহাৰ কৰিছিল।

কিন্তু সোমবাৰে ৰহাৰ বাৰপূজীয়াৰ কপিলী উন্নয়ন খণ্ডৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত নথি-পত্ৰ পৰীক্ষা কৰোতে আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰা কথাটো পোহৰলৈ আহে।

আব্দুল জব্বৰৰ লিগেচীৰ লগত দুয়োটা পৰিয়ালে দিয়া লিগেচী একে হোৱাৰ লগতে আব্দুল জব্বৰে দুয়োটা পৰিয়ালক চিনি নোপোৱাত ওলাই পৰে জালিয়াতিৰ তথ্য।

এক হুলস্থূল পৰিৱেশৰ সৃষ্টি হয় এন আৰ চি কেন্দ্ৰটোত। এন আৰ চি কেন্দ্ৰ কৰ্তৃপক্ষই দুয়োটা পৰিয়ালকে পুনৰ নাগৰিকত্বৰ প্ৰমাণ দিবলৈ সময় সীমা বান্ধি দিয়ে।

উল্লেখ্য যে ২৭০০০০৮০৯৪৯ নম্বৰৰ লিগেচীখন ২০টা পৰিয়ালে বংশবৃক্ষৰ লিগেচী হিচাপে দাখিল কৰিছে। কেন্দ্ৰসমূহত চলি থকা বংশবৃক্ষ বিশদ পৰীক্ষাৰ পাছত বহু জালিয়াতিৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।