NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি আবকাৰী বিভাগৰ সজাগতা সভাত দেশীয় সুৰাৰ ওপৰত কঠোৰ পদক্ষেপৰ পোষকতা

Posted by: ছাজিদ খান May 23, 2018 3:42 pm
Udalguri exise act

ওদালগুৰি জিলা মহিলা কুৰ্মি সমাজে অঞ্চলটোত গঢ় লৈ উঠা দেশীয় সুৰাৰ ঘাটীসমূহ উৎখাত কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ পাছত ওদালগুৰিৰ আবকাৰী বিভাগটো গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিছে। মঙলবাৰে আবকাৰী বিভাগৰ তত্বাৱধায়ক প্ৰীতম বৰুৱাৰ প্ৰচেষ্টাত ওদালগুৰিৰ আবকাৰী বিভাগে ওদালগুৰিৰ ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগনত অঞ্চলটোত ক্ৰমে বাঢ়ি অহা অবৈধ দেশীয় সূৰাৰ ব্যৱহাৰৰ ওপৰত এখন গণ সচেতনতা সভাৰ আয়োজন কৰে।

এই সভাখনত সভাপতিত্ব কৰিছিল ওদালগুৰিৰ আবকাৰী বিভাগৰ তত্বাৱধায়ক প্ৰীতম বৰুৱাই আৰু সভাত ভাষণ ৰাখিছিল ওদালগুৰিৰ মহিলা কুৰ্মি সমাজৰ সভানেত্ৰী সৰলা মাহাতোৱে। সৰলাই এই অঞ্চলটোৰ মহিলাসকলক একত্ৰিত কৰি দেশীয় সূৰাৰ আতংক আঁতৰ কৰাৰ চেষ্টা কৰিছিল। ভাষণত ওৰাঙৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাই অসম আবকাৰী আইন ২০০০ৰ ৫৩(১), ৫৪,৫৫ আৰু ৬১ (ক) আৰু ৬১ (খ) ধাৰাৰ সংশোধনী সম্পৰ্কত বক্তব্য ৰাখি প্ৰকাশ কৰিছিল যে ৫৩(১), ৫৪,৫৫ ধাৰা পূৰ্বতে জামিনযোগ্য আছিল যদিও সংশোধনীৰ জৰিয়তে ইয়াক জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰা হৈছে।

excise department

তেওঁ ৫১(ক) ধাৰাৰ ব্যাখ্যা আগবঢ়াই কয় যে এই ধাৰাটো বে-আইনী আমদানি, ৰপ্তানি, পৰিবহন, প্ৰস্তুত, মজুত ৰখা আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব আৰু ধাৰা ৫১ (ক)ৰ অধীনত শাস্তি কঠোৰ কৰা হৈছে আৰু শাস্তি ৩ বছৰলৈ বৰ্ধিত কৰা হৈছে আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা কৰা হৈছে।

ধাৰা ৫৪ কিছু কিছু ক্ষেত্ৰত সুৰাৰ বে-আইনী যেনে শুল্ক আদায় নিদিয়াকৈ সুৰা মজুত ৰখা ইত্যাদিৰ ক্ষেত্ৰত বলৱৎ কৰা হৈছে। এই ধাৰাৰ অন্তৰ্গত শাস্তি হৈছে ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু ৫ লাখ পৰ্যন্ত জৰিমনা। ধাৰা ৫৫ত মানুহৰ সেৱনৰ বাবে ব্যৱহৃত সুৰাৰ ভেজাল বা মিশ্রণ করা অপৰাধৰ সৈতে মোকাবিলা কৰাৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই অপৰাধৰ শাস্তিৰ  ম্যাদ ৫ বছৰ পৰ্যন্ত কাৰাবাস আৰু ২ লাখ টকা পৰ্যন্ত জৰিমনা। আনহাতে ধাৰা ৬১ (ক) আৰু ধাৰা ৬১ (খ) অনুসৰি ৰাজহুৱা স্থানত মদ্যপান কৰাৰ শাস্তি প্ৰদান কৰাৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ শাস্তি ৫০,০০০ টকা পৰ্যন্ত জৰিমনা আৰু ৬ মাহ পৰ্যন্ত কাৰাদণ্ড।

 

মহিলা কুৰ্মি সমাজৰ সভানেত্ৰীয়ে যুৱ প্ৰজন্মই মদ্যপান কৰাৰ ফলত  সংঘটিত হোৱা অপৰাধ আৰু মৃত্যুৰ বাবে দুখ ব্যক্ত কৰে।

সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ (আটাছা) ওৰাং গোটেও ওৰাঙৰ আবকাৰী বিষয়াবৰ্গৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। কুৰ্মি মহিলা পৰিষদৰ ওৰাং গোটৰ সম্পাদিকা দেভাৰি মাহাতোৱে বে-আইনী সুৰাৰ ওপৰত যথা সম্ভৱ সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আবকাৰী বিভাগক অনুৰোধ জনায়।

kurmit mahila organization

সংগঠনসমূহে আনকি এই বুলি হুমকি দিয়ে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰাত বিলম্ব কৰিলে প্ৰতিবাদী শোভাযাত্ৰাৰ আয়োজন কৰিব।

এই সভাখনত  উপস্থিত থকা ভালেকেইটা  স্থানীয় মহিলা সংগঠন, ছাত্ৰ সংগঠন সদস্যসকল আৰু বিজ্ঞ নাগৰিকসকলে নতুন আবকাৰী আইনখন অপৰাধকাৰীসকলৰ ওপৰত বলৱৎ কৰাৰ বাবে জিলা প্ৰশাসন আৰু ওদালগুৰি আবকাৰী বিভাগক আহ্বান জনায়।

ওদালগুৰিৰ আবকাৰী পৰিদৰ্শক প্ৰশান্ত দত্তই জিলাখনত প্ৰৱৰ্তন হোৱা নতুন আবকাৰী আইন সম্পৰ্কে উপস্থিত লোকসকলক আশ্বাস দিয়ে কয় এই ক্ষেত্ৰত সচেতনতাৰ সৃষ্টি কৰা হ’ব আৰু এটা পষেকৰ ভিতৰতে কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব।