NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত নতুনকৈ ২৩ গৰাকী লোক কোভিড-১৯ প’জিটিভ; মুঠ আৰোগ্য লাভৰ সংখ্যা ১০০ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 2:49 pm
মেঘালয়ত নতুনকৈ ২৩ গৰাকী লোক কোভিড-১৯ প’জিটিভ; মুঠ আৰোগ্য লাভৰ সংখ্যা ১০০ অতিক্ৰম

দেওবাৰে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত নতুনকৈ ২৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেওবাৰে নতুনকৈ সংক্ৰমিত হোৱা লোক সকলৰ সৈতে ৰাজ্যখনত বৰ্তমান সক্ৰিয় কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৫৫৫ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, দেওবাৰে ১৫ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সচিৱ ডা০ আমান ৱাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত ২৩ গৰাকী লোকৰ ভিতৰত ৯ গৰাকী পূব খাচী পাহাৰীয়া জিলাৰ, আঠ গৰাকী ৰি-ভই জিলাৰ, তিনি গৰাকী পশ্চিম খাচী পাহাৰীয়া জিলাৰ আৰু এগৰাকীকৈ ক্ৰমে পূৱ জয়ন্তীয়া পাহাৰ, পশ্চিম জয়ন্তীয়া পাহাৰ আৰু উত্তৰ গাৰো পাহাৰীয়া জিলাৰ।

ডা০ ৱাৰে উল্লেখ কৰা অনুসৰি দেওবাৰে মেঘালয়ত ক’ৰ’না মুক্ত হোৱা ১৫ গৰাকী লোকৰ ভিতৰত ১৪ গৰাকী বি এছ এফৰ জোৱান।

মেঘালয়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১০৯ গৰাকীলৈ বৃদ্ধি পায়।

মেঘালয়ত এই পৰ্যন্ত মুঠ ৬৬৯ গৰাকী লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে।