NORTHEAST NOW (Assamese)
অসম

উত্তৰ কোৰিয়াত প্ৰথম গৰাকী কোভিড-১৯ আক্ৰান্ত চিনাক্ত; জৰুৰী অৱস্থাৰ ঘোষণা কিম জং-য়ুনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 2:40 pm
image.jpg000-750x375

সমগ্ৰ বিশ্ব কোভিড-১৯ৰ সৈতে যুদ্ধ কৰি থকা অৱস্থাত উত্তৰ কোৰিয়াত প্ৰথম গৰাকী ব্যক্তি কোভিড-১৯ আক্ৰান্ত হৈছে।

উত্তৰ কোৰিয়াত প্ৰথম গৰাকী ব্যক্তিৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছতে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং-য়ুনে সমগ্ৰ ৰাষ্ট্ৰত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

জানিব পৰা মতে, উত্তৰ কোৰিয়াত কোভিড আক্ৰান্ত হোৱা ব্যক্তি গৰাকী দক্ষিণ কোৰিয়াৰ পৰা অবৈধভাৱে সীমা অতিক্ৰম কৰি উত্তৰ কোৰিয়াত প্ৰৱেশ কৰিছিল।

তিনিবছৰ পূৰ্বে উক্ত ব্যক্তিগৰাকীক দক্ষিণ কোৰিয়াত দেখা গৈছিল বুলিও কিম জং-য়ুনে কয়।

”ভয়াবহ ভাইৰাছে আমাৰ দেশত প্ৰৱেশ কৰিছে দেশত বেয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে,” কিম জং-য়ুনে লগতে কয়।

উল্লেখযোগ্য যে, বহিঃ বিশ্বৰ সৈতে প্ৰায় সম্পৰ্ক নৰখাৰ বাবেই উত্তৰ কোৰিয়াত কোভিড-১৯ সংক্ৰমণৰ ঘটনা যথেষ্ট কম হৈ আছে।

পূৰ্বে চীন চৰকাৰেও চীনা নাগৰিক সকলক উত্তৰ কোৰিয়াৰ আৰক্ষীয়ে গুলিয়াব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি উত্তৰ কোৰিয়াৰ সীমালৈ নাযাবলৈ আহ্বান জনাইছিল।