NORTHEAST NOW (Assamese)
অসম

কাৰ্গিল বিজয় দিৱসত দেশৰ বীৰ চহিদ সকলক স্মৰণ প্ৰধান মন্ত্ৰী, ৰক্ষা মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 2:24 pm
কাৰ্গিল বিজয় দিৱসত দেশৰ বীৰ চহিদ সকলক স্মৰণ প্ৰধান মন্ত্ৰী, ৰক্ষা মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ

কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ গৈ দেশৰ বীৰ চহিদ সকলৰ স্মৃতি তৰ্পন কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, স্থল সেনা প্ৰধান এম এম নাৰাৱানে, নৌ সেনা প্ৰধান কৰমবীৰ সিং আৰু বায়ু সেনা প্ৰধান আৰ কে এছ ভাদুৰিয়াই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে, কাৰ্গিল বিজয় দিৱসত যিসকল বীৰ জোৱানে কাৰ্গিল যুদ্ধত চহিদ হৈছিল সেইসকল চহিদলৈ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

”দেশৰ একতা,  অখণ্ডতা আৰু সুৰক্ষাৰ বাবে সেনা বাহিনীৰ অৱদানক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। তেওঁলোকৰ অৱদানে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে,” প্ৰধান মন্ত্ৰীয়ে এইদৰে কয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাৰ্গিলৰ বীৰ চহিদ সকলক স্মৰণ কৰি কয় যে মাতৃভূমিৰ ৰক্ষাৰ বাবে উৎসৰ্গিত ভাৰতৰ মহানায়ক সকলক লৈ দেশ গৌৰৱিত।

উল্লেখযোগ্য যে, আজিৰ এই দিনটোতে ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাস্ত কৰি নিজ মাতৃভূমিৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছিল।