NORTHEAST NOW (Assamese)
Popular Stories

চীন-ভাৰত সংঘাতৰ মাজতে লাডাখত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 10:52 am
913870-rajnath-singh-leh

পূৱ লাডাখৰ সীমান্তত এতিয়া বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। এনে উত্তেজনাৰ মাজতে শুকুৰবাৰে দুদিনীয়া ভ্ৰমণ সূচী লৈ লাডাখ আৰু জম্মু-কাশ্মীৰলৈ গৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

এই ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক সংগ দিছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট আৰু ভাৰতীয় সেনা বাহিনীৰ মুৰব্বী এম এম নাৰাভানেই।

পুৱাৰ ভাগত লেহত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে সীমান্তৰ টাকলাত থকা সেনা শিবিৰ পৰিদৰ্শন কৰে।

তেওঁ সেনাৰ জোৱান সকলক মনোৱল অটুট ৰাখিবলৈ কয় আৰু যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰত সাজু বুলিও উল্লেখ কৰে

লাডাখ সংকটে গা কৰি উঠাৰ সময়তে জুলাইৰ প্ৰথম ভাগত ৰাজনাথ সিঙে লাডাখলৈ যোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত সেই ভ্ৰমণ পিছুৱাই দিয়া হৈছিল।

তেওঁৰ সলনি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩ জুলাইত লাডাখ ভ্ৰমণ কৰিছিল।

ভাৰতৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে লাডাখ আৰু লেহৰ সীমান্তঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লব।

উল্লেখ্য ভাৰতৰ সৈতে চীনে লাডাখ সংকট সন্দৰ্ভত এতিয়ালৈকে চাৰি লানি আলোচনাত মিলিত হৈছে।

ইমানৰ পিছতো চীনে লাডাখৰ ৪ আৰু ৮ ফিংগাৰ পয়েন্টৰ পৰা সেনা অপসাৰণ কৰা নাই।

এনে পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।