NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত বানত উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘক বনাঞ্চলত সফলতাৰে পুনৰ সংস্থাপন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 17, 2020 11:31 am
Image_1594963290327~2

কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ সমীপৰ বাঘমাৰী অঞ্চলৰ প্ৰবীন বৰা নামৰ লোক জনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰি অনা ঢেকীয়াপতীয়া বাঘিনীজনীক আজি পুৱা সফলতাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় ৷

১৫ জুলাইত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীৰ নেতৃত্বত যোৱা উদ্ধাৰকাৰী দলে স্থানীয় লোক আৰু বনকৰ্মীৰ সহযোগত বাঘিনীজনীক উদ্ধাৰ কৰিছিল।

তেওঁলোকে অতি সফলতাৰে বাঘিনীজনীৰ শৰীৰত চেতনা নাশক প্ৰয়োগ কৰি কৰায়ত্ব কৰি কেন্দ্ৰটোলৈ আনিছিল ৷

দুটা দিনৰ পৰ্যবেক্ষণ আৰু স্বাস্থ্য পৰীক্ষাৰ শেষত আজি পুৱতি নিশা ঢেকীয়াপতীয়া বাঘিনীজনীক ৰাষ্ট্ৰীয় উদ্যানত সফলতাৰে মুকলি কৰি দিয়া হয় ৷

বাঘিনীজনীক বনত মুকলি কৰাৰ সময়ত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনো উপস্থিত থাকে ৷

দুবছৰীয়া বাঘিনীজনীক সফলতাৰে পুনসংস্থাপন কৰাৰ পাছত অঞ্চলটোত বাঘিনীজনীৰ বিচৰণ পৰ্যবেক্ষণৰ বাবে স্বয়ংক্ৰিয় কেমেৰা স্থাপন কৰা হৈছে বুলি সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়ে ৷