NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত আজি পুনৰ ৫০ গৰাকী লোক কোভিড-১৯ প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 1:37 pm
covid-testing-1140x570

দেওবাৰে নাগালেণ্ডত পুনৰ নতুনকৈ ৫০ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।

দেওবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৫০ গৰাকী লোকৰ ভিতৰত ২৮ গৰাকী কহিমা, ১৩ গৰাকী মুন জিলাৰ আৰু ৯ গৰাকী ডিমাপুৰৰ।

শনিবাৰে পৰীক্ষা কৰা মুঠ ৩২৮ টা নমুনাৰ ভিতৰত ৫০ গৰাকী লোকৰ ফলাফল প’জিটিভ আহে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগনু ফোমে দেওবাৰে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

”পৰীক্ষা কৰা ৩২৮ টা নমুনাৰ ভিতৰত ৫০ গৰাকী লোক নতুনকৈ কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত ২৮ গৰাকী কহিমাৰ, ১৩ গৰাকী মুন আৰু ৯ গৰাকী ডিমাপুৰৰ,” স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এইদৰে টুইট কৰে।

উল্লেখযোগ্যে যে, নগালেণ্ডৰ ডিমাপুৰত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নিশা পৰা তিনিদিনৰ বাবে সম্পুৰ্ণ ল’কডাউন ঘোষণা কৰিছে।

আনহাতে, নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনাইছে।